সংবাদ ৩৬৫ ডেস্ক, ২৪ ছেপ্টেম্বৰঃ চামেলী মেমচাবৰ স্ৰষ্টা আব্দুল মজিদ আৰু নাই৷  ছবিজগতৰ বহুতৰে বাবে মজিদকাই খ্যাত বিশিষ্ট অভিনেতা তথা  পৰিচালক আব্দুল মজিদে পুৱা ৯.৩০ বজাত ৮৬ বছৰ বয়সত দিছপুৰৰ জিএনআৰচি চিকিৎসালয়ত চিকিৎ‍সাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।  ১৯৩১ৰ ১৬ নৱেম্বৰত যোৰহাটত জন্ম গ্ৰহণ কৰিছিল৷ আব্দুল মজিদে নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিছ (১৯৫৮) নামৰ বোলছবিত অভিনয়ৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতত প্ৰথম খোজ পেলায়৷ চিনেমাৰ উপৰিও তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বহু কেইখন ধাৰাবাহিকত অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছে৷ নাট্যকাৰ হিচাপে আব্দুল মজিদৰ এক সুকীয়া পৰিচয় আছে। তেখেতে মুঠতে ৬ খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। অভিনেতা হিচাপে তেখেত প্ৰধানকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। তেখেতৰ পৰিচালনত মুক্তি পোৱা চলচ্চিত্ৰ চামেলি মেমচাবে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল৷ উক্ত চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল৷ তেওঁ শেহতীয়াকৈ পৰিচালনা কৰা ছবিখন সাত নম্বৰৰ সন্ধানত৷