তিতাবৰ, ২৪ছেপ্টেম্বৰঃ মাৰাণাস্ত্ৰৰ পৰিৱৰ্তে এইবাৰ হাতত ঝাৰু তুলি ল’লে তিতাবৰ আৰক্ষী জোৱানে। পুৱাই থানাৰ চৌহদ, বাথৰুম চাফা কৰাত ব্যস্ত তিতাবৰ আৰক্ষী থানাৰ জোৱানসকল৷ হাতে হাতে ঝাৰু লৈ থানাৰ চৌহদৰ সকলো লেতেৰা জাবৰ জোঁথৰ চাফা কৰাত ব্যস্ত হৈ পৰিছে জনসাধাৰণক সকলো সময়তে নিৰাপত্তা দিবলৈ সাজু হৈ থকা এইবীৰ আৰক্ষী জোৱানসকল। উল্লেখ্য যে, স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী অধীনত দেশখনক স্বচ্ছ কৰাৰ চৰকাৰৰ পদক্ষেপক সঁহাৰি জনাই তিতাবৰ আৰক্ষী থানাৰ জোৱানে পুৱাই চাফাই অভিযানত নামি পৰে৷ তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কয় যে, সকলোৱে নিজৰ ঠাইখন পৰিস্কাৰ কৰি ৰাখিলেহে অসমখন পৰিষ্কাৰ হ’ব আৰু ভাৰতবৰ্ষ খন পৰিষ্কাৰ হ’ব । তাৰ কাৰণে আমি সকলোৱে নিজৰ ঘৰৰ চৌহদ, নিজৰ কৰ্মৰত কাৰ্যালয়ৰ চৌহদ, বাট-পথ পৰিষ্কাৰ কৰি ৰাখিবলৈ দৃঢ় প্ৰতিজ্ঞ হ’ব লাগিব৷