অনলাইন ডেস্ক সংবাদ ৩৬৫, ৭ ছেপ্টেম্বৰঃ মুম্বাই ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত তথা মাষ্টাৰ মাইণ্ড আবু ছালেমক মুম্বাইৰ টাডা বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে দুই লাখ টকাৰ জৰিমণাৰ ৰায় দিয়ে৷ আনহাতে এই ঘটনাৰ আন চাৰিজন অভিযুক্তৰ তাহিৰ মাৰ্চেন্ট, ফিৰোজ খানক ফাঁচি, ৰিয়াজ ছিদ্দিকিক ১০বছৰৰ কাৰাদণ্ড, আৰু কৰিম উল্লাক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২ লাখ টকাৰ জৰিমণা বিহে৷ উল্লেখ্য যে, আবু ছালেমক গাৰ্লফেণ্ড তথা অভিনেত্ৰী মণিকা বেদীৰ লগত পৰ্তুগাল চৰকাৰে এখন হোটেলৰ পৰা আটক কৰিছিল৷ পৰ্তুগাল চৰকাৰে আবু ছালেমক কোনো ঘটনাৰ বিচাৰত ফাঁচী নিদিয়াৰ চৰ্তত ভাৰত চৰকাৰক হস্তান্তৰ কৰিছিল৷ টাডা বিশেষ আদালতে চুক্তি অনুসৰি আবু ছালেমক  যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে৷ ইয়াৰ পূৰ্বে, টাডা বিশেষ আদালতে ২০০৭ চনত এই ঘটনাৰ প্ৰথম শুনানীত অভিনেতা সঞ্জয় দত্ত, য়াকুব মেননসহ ১০০ জন লোকক দোষী সাব্যস্ত কৰিছিল৷ য়াকুব মেননক ২০১৬ৰ ৩০ জুলাইত ফাঁচী দিয়া হয়৷ অভিনেতা সঞ্জয় দত্তই কাৰাবাস খাটি বৰ্তমান জেলৰ পৰা মুক্তি লাভ কৰিছে৷ যোৱা ১৬ জুলাইত মুম্বাই বোমা বিস্ফোৰণৰ দ্বিতীয় শুনানীত টাডা আদালতে আবু ছালেমৰ লগত মুস্তাফা দোছা, ৰিয়াজ ছিদ্দীকী, ফিৰোজ আব্দুল, ৰছিদ খান, তাহিৰ মাৰ্চেন্ট আৰু কৰীমুল্লা খানক দোষী সাব্যস্ত কৰিছিল৷ সেই অনুসৰি সুদীৰ্ঘ ২৪ বছৰৰ মূৰত আজি মুম্বাই কাণ্ডৰ মাষ্টাৰ মাইণ্ড আবু ছালেমসহ আন পাঁচজনৰ শাস্তি ৰায়দান কৰে৷ উল্লেখ্য যে, ১৯৯৩ চনৰ ১২ মাৰ্চত মুম্বাইত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত ২৫৭ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ৭১৩ গৰাকী লোক আহত হৈছিল৷