যোৰহাট, ৭ ছেপ্টেম্বৰঃ যোৰহাট ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজিক অসম চাইন্স এণ্ড টেকন’লজি ইউনিভাৰৰ্চিৰ্টিত অন্তৰ্ভুক্ত কৰাক তীব্ৰ বিৰোধীতা কৰি যোৰহাট ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজিৰ  ছাত্ৰ ছাত্ৰীয়ে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ যোৰহাটৰ চেন্ট্ৰেল কলেজৰ পৰা প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে অসম চাইন্স এণ্ড টেকন’লজি ইউনিভাৰৰ্চিৰ্টি আৰু শিক্ষা বিভাগক চাঙী তুলি প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলে জিষ্টক আছটুৰ অন্তৰ্ভুক্ত নকৰিব, জিষ্টক পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কৰক, ২০১৭-১৮ বৰ্ষৰ বিই, বিএছচি, বিএছচিআইটি আৰু এমএছচি অতি সোনকালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৰি পঞ্জীয়ন কৰক শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীয়ে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি জিলা উপায়ুক্তৰ জৰিয়তে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবী শীঘ্ৰে মানি নল’লে পৰৱৰ্ত্তী পৰ্যায়ত ব্যাপক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে৷