গুৱাহাটী, ২০ ফেব্ৰুৱাৰী, ২০২৪ : চাণক্য আইএছ একাডেমীয়ে এপিএছচি (APSC) ২০২৩ ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ্থীৰ বাবে বিনামূলীয়া ছেমিনাৰৰ আয়োজন কৰে। এই ছেমিনাৰত আগন্তুক পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কীয় আলোচনা কৰাৰ লগতে পৰীক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়োৱা হয়।

ছেমিনাৰত উপস্থিত থাকে এপিএছচি চিচিই ২০২২ পৰীক্ষাত পঞ্চম স্থান দখল কৰা(এচিএছ) বিভূতি সন্দিকৈ, ৯২সংখ্যক (অসম বিত্তীয় সেৱা) স্থান দখল কৰা দীক্ষা সৰকাৰ আৰু ১৪৮ সংখ্যক(অসম বিত্তীয় সেৱা) স্থান দখল কৰা মৌপ্ৰিয়া গায়ন আৰু চাণক্য আইএছ একাডেমীৰ সঞ্চালক ওৱেছিচ আলী ভাট। ছেমিনাৰত ভাগ লোৱা চাণক্য আইএছ একাডেমীৰ ফাউণ্ডেচন বেটছৰ তিনিওগৰাকী সফল শিক্ষাৰ্থীয়ে এপিএছচি ২০২৩ ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় বিভিন্ন কিটিপ আগবঢ়োৱাৰ লগতে পূৰ্বৰ পৰীক্ষাৰ সফলতা আৰু নিজৰ অভিজ্ঞতাৰ বিষয়ে সহজ ভাষাত ব্যাখ্যা কৰে।

এই ছেমিনাৰত এপিএছচিৰ আগন্তুক পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা যথেষ্ট সংখ্যক পৰীক্ষাৰ্থী উপস্থিত থাকে আৰু এপিএছচি চিচিই ২০২২ ৰ সফল প্ৰাৰ্থীসকলক সমুখৰ পৰা লগ পোৱাৰ আৰু অভিজ্ঞতা অনুভৱ কৰাৰ সুযোগ লাভ কৰে। এই অনুষ্ঠানতে ১৯ মাৰ্চত ইউপিএছচি/এপিএছচি ২০২৪ পৰীক্ষাৰ বাবে অসমভিত্তিত স্কলাৰশ্বিপ টেষ্টৰ আয়োজনৰ লগতে ১০০ শতাংশ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীয়ে চাণক্য আইএছ একাডেমীত স্কলাৰশ্বিপ লাভৰ কথা ঘোষণা কৰে সঞ্চালক ওৱেছিচ আলী ভাটে।

অধিক জানিবলৈ আগ্ৰহীসকলে ৭৩০৩৭৬৩৮৪৯ নম্বৰত যোগাযোগ কৰিব পাৰে। উল্লেখ্য যে, সদ্যঘোষিত এপিএছচি চিচিই ২০২২ পৰীক্ষাৰ ফলাফলত ১০৫ গৰাকী শিক্ষাৰ্থীৰ সাফল্যৰে উজ্বলি উঠিছে চাণক্য আই এ এছ একাডেমী। ফাউণ্ডেশ্যন গোটৰ শিক্ষাৰ্থী বিভূতি সন্দিকৈয়ে এচিএছত পঞ্চম স্থান দখল কৰাৰ লগতে অৰুণাভ বৰকটকীয়ে এচিএছত ষষ্ঠ স্থান দখল কৰি একাডেমীখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

ফলাফল ঘোষণাৰ পিছত সাফল্য লাভ কৰা শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকি বিভূতি সন্দিকৈয়ে চাণক্য আইএএছ একাডেমীৰ নিৰন্তৰ পথ প্ৰদৰ্শন আৰু সহায়ৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে এপি এছচিত তেওঁৰ সাফল্যৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি একাডেমীখনে আগবঢ়াই অহা প্ৰেৰণা আৰু নিৰ্দেশনাৰ প্ৰ্তিও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।