নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ আগষ্ট : বিজ্ঞাপনত মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ৰঙাঘৰৰ আলহী । কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ লোকসভাত গৃহীত কৰিছে এই বিশেষ বিধেযয়কখন। গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা এই বিধেয়কখনৰ নাম ‘গ্ৰাহক সুৰক্ষা বিধেয়ক ২০১৯’ ।

এই বিধেয়কৰ জৰিয়তে বিজ্ঞাপনত কোনোৱে মিছা দাবী অথবা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ২ বছৰৰ জেলৰ লগতে ভৰিব লাগিব ১০ লাখ টকাৰ জৰিমনা।

ইয়াৰোপৰি বিজ্ঞাপনৰ দাবী মিছা প্ৰমাণিত হলে শাস্তি মুৰ পাতি লব লাগিব প্ৰতিষ্ঠানটোৰ লগতে বিজ্ঞাপনত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীও।

প্ৰাপ্ত খবৰ অনুসৰি যদি কোনো প্ৰতিষ্ঠানে মিছা প্ৰতিশ্ৰুতিৰে বিজ্ঞাপন পৰিৱেশন কৰি থাকে তেন্তে ৫ বছৰ কাৰাদণ্ডৰ লগতে জৰিমনাৰ পৰিমান ১০ লাখৰ পৰা ৫০ লাখলৈ বৃদ্ধি কৰা হব।

উল্লেখ্য যে, এই বিধেয়কখন বৰ্তমান লোকসভাতহে গৃহীত হৈছে। ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতে এই বিধেয়কখন আইনত পৰিণত হব।