দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ২ আগষ্ট : এটি নৈ পৰিয়া অঞ্চলৰ এখন ৰাজ্যিক চিকিৎসালয় । চিকিৎসালয় খনৰ নাই এটি স্থায়ী গৃহ । আজি দীৰ্ঘ দিন ধৰি এটি স্থায়ী চিকিৎসাগৃহৰ অভাৱত অঞ্চলটোৰ পঞ্চায়ত কাৰ্য্যালয়তে চলি আহিছে চিকিৎসা সেৱা ।

৩০নং গুইমাৰা চিমিনা গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ৰ আবাস গৃহতে আছে গুইমাৰা ৰাজ্যিক চিকিৎসালয় । কিন্তু আজিৰ পৰা প্ৰায় ৫ বছৰ আগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত চিকিৎসালয় খনে হেৰুৱাইছিল নিজৰ ভেটি,চিকিৎসালয় খন জাহ গৈছিল লুইতৰ বুকুত । তাৰ পিছত স্থানীয় ৰাইজৰ তৎপৰতাত অঞ্চলবাসীৰ সহায়ৰ হেতুকে ৩০নং গুইমাৰ চিমিনা গাওঁ পঞ্চায়ত কাৰ্যলত অস্থায়ী ভাবে চিকিৎসা সেৱা আগবঢ়াবলৈ দিয়া হৈছিল যদিও বৰ্তমানেও পঞ্চায়তৰ কাৰ্যালয়তে চলি আছে চিকিৎসালয়খন ।

আজি প্ৰায় ৪/৫বছৰ ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ চিকিৎসা সেৱা আগবঢ়াব লগা হৈ আহিছে চিকিৎসালয় খনৰ কৰ্মীসকলে । এই চিকিৎসালয় খনত পানী, বিজুলী,নাই আনকি ৰোগী বহিবৰ বাবে ও ঠাইৰ অভাৱ ।

চিকিৎসালয়ৰ ঠাইৰ অভাৱ হোৱা হেতুকে প্ৰয়োজনীয় ঔষধ পাতি বাথৰূমৰ বাবে নিৰ্মান কৰা কোঠালিতে মজুত কৰিব লগা হৈছে ।যথেষ্ঠ সংখ্যক জনবসতি পূৰ্ণ অঞ্চল হৈছে এই গুইমাৰা চিমিনা অঞ্চল । আৰু এনেকুৱা এটা অঞ্চলত স্থায়ী চিকিৎসালয় এখন নোহোৱা বাবে অসুবিধা হৈছে অঞ্চলবাসীৰো । আনকি চিকিৎসালয়খন নিয়মিতভাৱে নাহে চিকিৎসকো । সপ্তাহত মাত্ৰ দুই এদিন আহিয়ে দায়িত্ব সামৰে চিকিৎসকেইজনে । চিকিৎসকৰ সলনি মাত্ৰ স্বয়ম্ভু ফাৰ্মাচিচ এজনেহে ৰোগীৰ চিকিৎসা কৰে ।
যাৰ বাবে বহুত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোকো ।

পঞ্চায়তৰ আৱাস গৃহত চলি থকা চিকিৎসালয়খনৰ বাবে অসুবিধাৰো সন্মুখীন হয় পঞ্চায়তৰ কৰ্মচাৰীসকলৰো ।

আনৰ গৃহত আশ্ৰয় লৈ চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসালয়খন যদি কেতিয়াবা প্ৰয়োজন সাপেক্ষে পঞ্চায়ত কৰ্তৃপক্ষই চিকিৎসালয় খন ওলাই যাবলৈ কয় তেতিয়া হ’লে বৃহৎ অঞ্চলটোত কেনেকৈ চিকিৎসা সেৱা আগবঢ়াব ? ই হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন ।

আনহাতে চিকিৎসকল নিয়মিত ভাৱে উপস্থিত নথকাত এজন ফাৰ্মাচিচে কেনেকৈ চিকিৎসা সেৱা আগবঢ়াব পাৰে সেয়াও এক বৃহৎ প্ৰশ্ন ? উন্নয়নৰ ঢাক ঢোল বজাই থকা ৰাজ্যৰ স্বাস্থ্য বিভাগটোৰ চকু জানো পৰিব দক্ষিণ কামৰূপৰ পলাশৱাৰী সমষ্টিৰ অন্তৰ্গত আশ্রয়হীন এই গুইমাৰা ৰাজ্যিক চিকিৎসালয়ৰ খনৰ ওপৰত । নে কেৱল পৰিৱৰ্তন আৰু উন্নয়নৰ ফুলজাৰী মাৰিয়ে ৰাইজক আভুৱা ভাৰিব এই চৰকাৰ খনে । সচেতন মহলৰ মাজত ই এক সাঁথৰ হিচাপে থিয় দিছে ।