গুৱাহাটী, সংবাদ ৩৬৫, ২০ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ।
এইবাৰ প্ৰতিবাদ কৰি গুৱাহাটীত সদৌ অসম উকীল সন্থা কাৰ্য্যালয়ৰ পৰা ৰাজভৱনলৈকে আইনখনৰ বিৰোধীতা কৰি এক প্ৰতিবাদী সমদল বাহিৰ কৰে।
বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্লো গানেৰে ৰাজপথত উত্তাল কৰে সদৌ অসম উকীল সন্থাই।
প্ৰতিবাদী সমদলত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে সন্থাটোৱে।
ইয়াৰোপৰি আইনখন বাতিলৰ বাবে কেইবাগৰাকী জ্যেষ্ঠ অধিবক্তাই ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰাৰ লগতে ৰাজ্যপালৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।