নেশ্যনেল ডেস্ক, সংবাদ ৩৬৫, ২১ ডিচেম্বৰ : “কা “বিৰোধী আৰু এন আৰ চিৰ বিৰুদ্ধে জ্বলিছে উত্তৰ প্ৰদেশ। প্ৰতিবাদৰ নামত সংঘটিত হৈছে হিংসাত্মক ঘটনা। যাৰ বাবে এতিয়া ৰাজ্যখনৰ প্ৰায় ২১ খন জিলাত বন্ধ কৰি দিছে ইণ্টাৰনেট সেৱা। ক্ৰমাৎ উত্তাল হৈ পৰিছে উত্তৰ প্ৰদেশৰ পৰিস্থিতি।

ইয়াৰোপৰি বন্ধ কৰি ৰখা হৈছে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ব বিদ্যালয়।

ইফালে এই প্ৰতিবাদত প্ৰাণ গৈছে প্ৰায় ৯ জন লোকৰ।

প্ৰতিবাদকাৰীয়ে ধ্বংস কৰিছে চৰকাৰী সম্পত্তিৰ লগতে যান-বাহনো। শুকুৰবাৰেও লক্ষ্ণৌকে ধৰি কেইবাখনো জিলাত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে ৰাজপথ।