গুৱাহাটী, সংবাদ ৩৬৫, ২০ ডিচেম্বৰ : ইণ্টাৰনেট সেৱা উপলদ্ধ হোৱাৰ লগে লগেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল ।

সংবাদ মেলত সৰ্বানন্দ সোণোৱালে কয় যে ৰাইজৰ বাবে কাম কৰিবলৈ চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ । আমি বেলেগৰ বাবে কাম নকৰোঁ।আপোনালোকে আমাক সন্দেহ নকৰিব, আঁতৰাই নপঠাব। আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি সকলো অসমীয়াৰ হাতত নিৰাপদ হৈ থাকিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আৰু কয় যে মই মুখ্যমন্ত্ৰী হিচাপে অসমৰ জনগণক জনাব বিচাৰো যে আজি যিদৰে অসমীয়া ভাষা ৰাজ্যভাষা হিচাপে আছে, সৰ্বকালৰ বাবে থাকিব। এই আন্দোলনৰ যিসকলে নেতৃত্ব বহন কৰিছে সকলোৰে প্ৰতি আমাৰ শ্ৰদ্ধা আছে। কিন্তু যিসকলে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে তেওঁলোক সমাজৰ শত্ৰু।

এইখন অসম সদায় অসমীয়াৰ হৈ থাকিব, অসমীয়াৰ মাটি–ভেটি, কৃষ্টি–সংস্কৃতি, ভাষা–সাহিত্য, সকলো সময়তে নিৰাপদ হৈ থাকিব। আপোনালোকে মোক মুখ্যমন্ত্ৰী পাতিছে, মোৰ দায়িত্বই হৈছে খিলঞ্জীয়া ভূমিপুত্ৰৰ নিৰাপত্তা আৰু উন্নয়ন কৰা আৰু মই সেই কামেই কৰি আছো।

ইয়াৰোপৰি আন্দোলনত নিহতসকলৰ প্ৰতিও দুখ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।