গুৱাহাটী, ৩০ জুনঃ ডাইনী হত্যাৰ ওপৰত নির্মিত পূর্ণ দৈৰ্ঘ্যৰ প্ৰথমখন অসমীয়া চলচিত্ৰ এই মাটিতেৰ সঙ্গীত উন্মোচন কৰা হয়। গুৱাহাটী প্রেছ ক্লাৱত অঙ্গীকাৰ ফিল্মছে আয়োজন কৰা এক অনুষ্ঠানত পৰিচালক ড° সীতানাথ লহকৰ, সঙ্গীত পৰিচালক বিভুৰঞ্জন চৌধুৰী, ৰাষ্ট্ৰীয় বঁটা বিজয়ী গায়িকা তৰালি শৰ্মা আৰু প্ৰসিদ্ধ সঙ্গীতজ্ঞ জিতেন বসুমতাৰীয়ে চলচিত্ৰখনৰ সংগীত মুকলি কৰে৷ সঙ্গীত পৰিচালক বিভুৰঞ্জন চৌধুৰীয়ে সঙ্গীত কেইটা মুকলি কৰি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে, চিনেমা খনৰ সাৰ কথাৰ লগত নিবিড় সংগতি ৰাখিবলৈ লোক সঙ্গীতৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে৷ গীতসমূহৰ মাজত শ্রোতাই সঙ্গীতত গ্রাম্য আৰু নগৰীয়া স্বাদ-গোন্ধৰ এক মিশ্রণ অনুভৱ কৰিব, চিনেমাখনৰ পটভূমিও এই দুয়োটাৰে এক অনন্য মিশ্রণ৷ সঙ্গীতপ্রেমী সকলে গীতসমূহ শলাগিব বুলি আমি আশাবাদী৷ ড° লহকৰে ভাষণত কয় যে, এই মাটিৰ গীতসমূহ লোকসঙ্গীত আৰু আধুনিক সঙ্গীতৰ অপূর্ব মিশ্রণ৷ ছবি খনৰ সঙ্গীতে অসমৰ চিনেমা সঙ্গীতৰ জগতত এক নতুন ৰুচিৰ অৱতাৰণা কৰিব বুলি আমাৰ বিশ্বাস৷

এই মাটিতেৰ সঙ্গীতত কন্ঠদান কৰিছে প্রসিদ্ধ গায়িকা তৰালি শৰ্মা, ড° সীতানাথ লহকৰ, জিনা ৰাজকুমাৰী, স্মিতা লহকৰ, জিতেন বসুমতাৰী, নমিতা দলৈ, বিনায়ক চৌধুৰী, নিশান্ত বৰাই৷ আটাইকেইটা গীতৰ কথা ড° সীতানাথ লহকৰৰ আৰু সুৰ ড° সীতানাথ লহকৰ আৰু বিভুৰঞ্জন চৌধুৰীৰ । চলচিত্ৰখনে অহা ৬ অক্টোবৰত সমগ্ৰ অসম তথা উত্তৰ পূৱাঞ্চলৰ ছবিগৃহত মুক্তি লাভ কৰিব৷

এই মাটিৰ  আটাইকেইটা ট্রেক সঙ্গীত সঙ্গী (Music Partner) <3 মিউজিক” (Box Music) < ‘ইউটিউব’ (YouTube) (DGrGi\5 উপলব্ধ হ’ব। তদুপৰি Apple i-Tunes, Google Play Store, Hungama, Saavn, Wynk, Guvera (KR) উপৰি প্ৰতিখন অনলাইন সঙ্গীত বিপনিত পোৱা যাব। যিকোনো ব্যক্তিয়ে সঙ্গীতকেইটা ডাউনলোড কৰি নিজ নিজ সেৱা যোগনীয়াৰৰ সহযোগত মোবাইল ফোনৰ ৰিং টােন কৰি ল’ব পাৰিব।