অনলাইন ডেস্ক, ৩০ জুনঃ মণিপুৰত পুৱা সংঘটিত বোমা বিস্ফোৰণত অসম ৰাইফলছৰ এজন জোৱান নিহত হোৱাৰ লগতে দুজন জোৱান গুৰুতৰ ভাবে আহত হয়৷ নিহত জোৱানজন উত্তৰ লখিমপুৰৰ নাওবৈচাৰ বিজু সৰুপুৱাৰ বুলি জানিব পৰা গৈছে। আনহাতে আহত জোৱান দুজন হাবিলদাৰ জম্মু-কাশ্মীৰৰ যশপাল আৰু ওড়িশাৰ নিহাৰ ৰঞ্জন দাস৷ উল্লেখ্য যে, মণিপুৰৰ উখ্ৰুল জিলাৰ ৰামৱাস্থিত ২৭ নম্বৰ অসম ৰাইফলছৰ নিৰীক্ষণ চকীত পুৱা ৭.২০ বজাত এক আডি বিস্ফোৰণ হয়৷ উগ্ৰপন্থীয়ে সংঘটিত কৰা এই বিস্ফোৰণত অসম ৰাইফলছৰ এজন জোৱান নিহত হোৱাৰ লগতে দুজন জোৱান গুৰুতৰ ভাবে আহত হয়৷ বিস্ফোৰণটো সংঘটিত হোৱাৰ পিছতে মণিপুৰ পুলিছ আৰু আসাম ৰাইফলছৰ জোৱানে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান অব্যাহত ৰাখিছে৷ কিন্তু সূত্ৰ পৰা জানিব পৰা মতে উগ্ৰপন্থীৰ দলটোৱে আইডি সংস্থাপন কৰাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ চলিত মাহত মণিপুৰত অৰ্ধ সামৰিক শিবিৰত সংঘটিত এইটো দ্বিতীয় আক্ৰমণ৷ ইয়াৰ পূৰ্বে যোৱা ১৫ জুনত উখ্ৰুল জিলাত উগ্ৰপন্থীয়ে আন এটা আইডি বিস্ফোৰণ কৰিছিল৷ এই বিস্ফোৰণত এজন জোৱান নিহত হোৱাৰ লগতে তিনিজন জোৱান গুৰুতৰ ভাবে আহত হৈছিল৷