নতুন দিল্লী, ২৭ ছেপ্টেম্বৰ, ২০২৩ : পৰম্পৰাগত ঔষধৰ (Traditional Medicine) প্ৰসাৰৰ দিশত ভাৰতৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাই বিভিন্ন দেশৰ লগতে আফ্ৰিকাৰ দেশকো আকৰ্ষিত কৰিছে। পূব আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকলে সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান ভ্ৰমণ কৰে। মুখ্য স্বাস্থ্য সেৱাত পৰম্পৰাগত ঔষধৰ সংযোজনে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক উপকৃত কৰিব ধৰিছে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আধুনিক স্বাস্থ্য সেৱা প্ৰণালীত পৰম্পৰাগত ঔষধৰ একত্ৰিকৰণ অন্বেষণৰ প্ৰচেষ্টাত পূব আৰু দক্ষিণ আফ্ৰিকাৰ দেশসমূহো চামিল হৈছে। এই বৃহৎ অঞ্চলটোৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ ১৫ জনীয়া এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। নতুন দিল্লীত শেহতীয়াকৈ সমাপ্ত হোৱা জি-২০ সন্মিলনত আফ্ৰিকান ইউনিয়নক জি-২০ত অন্তৰ্ভুক্ত কৰাৰ পাছত এই দলটোৰ ভ্ৰমণ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ভাৰতত এতিয়া আয়ুৰ্বেদৰ প্ৰগতি, গ্ৰহণযোগ্যতা যথেষ্ট বৃদ্ধি পাইছে, যিয়ে এক সমৃদ্ধ আৰু সমন্বিত স্বাস্থ্য সেৱা প্ৰণালীক গতিশীলতা প্ৰদানত সহায় কৰিছে।

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক ভিডিঅ’ বাৰ্তাৰ যোগেদি আফ্ৰিকাৰ প্ৰতিনিধি দলটোক আদৰণি জনায় আৰু কয় যে এই ভ্ৰমণে ভাৰতৰ পৰম্পৰাগত ঔষধ প্ৰণালীৰ সম্ভাৱনা অন্বেষণৰ জৰিয়তে আফ্ৰিকান দেশসমূহত সাৰ্বজনীন স্বাস্থ্য সেৱা প্ৰাপ্তিৰ উদ্দেশ্য পূৰণত উৎসাহিত কৰিব। সৰ্বানন্দ সোণোৱালে ভাৰতৰ আয়ুৰ্বেদ আৰু অন্যান্য পৰম্পৰাগত ঔষধ প্ৰণালীৰ ভূমিকা সন্দৰ্ভত বিশেষকৈ আলোকপাত কৰি কয়, “বিশ্বব্যাপী স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তা পূৰণত পৰম্পৰাগত ঔষধে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশ্ব স্বাস্থ্য সংস্থায়ো ইয়াৰ সম্ভাৱনাক স্বীকৃতি দিছে। মুখ্য স্বাস্থ্য সেৱাত পৰম্পৰাগত ঔষধক সংযোজিত কৰাৰ ফলত সমগ্ৰ বিশ্বৰ লাখ লাখ লোক উপকৃত হ’ব ধৰিছে।”

আফ্ৰিকাৰ প্ৰতিনিধি দলটোৱে সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ চিকিৎসালয়, অ’পিডি আদি পৰিদৰ্শন কৰে আৰু আয়ুৰ্বেদৰ বিভিন্ন পদ্ধতিৰ জৰিয়তে কিদৰে স্বাস্থ্য সেৱাই অগ্ৰগতি লাভ কৰিছে, সেই বিষয়ে জানিব পাৰে। এই প্ৰতিষ্ঠানখন প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উৎসৰ্গিত কৰিছিল, আৰু তেতিয়াৰ পৰাই ই আয়ুষ মন্ত্ৰালয়ৰ অধীনত এক শীৰ্ষ প্ৰতিষ্ঠান হিচাপে উৎকৃষ্টতাৰ প্ৰাণকেন্দ্ৰ হৈ পৰিছে।

সমগ্ৰ ভাৰতত প্ৰথমবাৰৰ বাবে নাকৰ এ++ স্বীকৃতিপ্ৰাপ্ত আয়ুৰ্বেদ প্ৰতিষ্ঠানখনে জনসাধাৰণক যথেষ্ট সকাহ প্ৰদান কৰি আহিছে। প্ৰতিষ্ঠানখনৰ সঞ্চালক ড° তনুজা নেছাৰীয়ে প্ৰতিনিধি গোটটোক কয় যে সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে আয়ুৰ্বেদক বিশ্ব প্ৰেক্ষাপটলৈ লৈ যোৱাৰ বাবে সকলো প্ৰচেষ্টা চলাই আছে আৰু ৫০টাতকৈও অধিক গৱেষণা সংগঠন/প্ৰতিষ্ঠান/বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যুটীয়া সচিব পুনীত আৰ কুণ্ডল, আয়ুষ মন্ত্ৰালয়ৰ মুখ্য পৰামৰ্শদাতা প্ৰমোদ কুমাৰ পাঠকো আজি উপস্থিত আছিল।