জনীয়া, সংবাদ ৩৬৫, ২১ আগষ্ট : ৰাজ্যত চাৰি বাৰকৈ হৈ যোৱা বানপানীয়ে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কাউৰঝাহি, কাচুকাটি, গলিয়া, সুঁতিৰপাথাৰ, খাৰবাল্লী, কালামপুৰ, আলিপুৰ, কইমাৰী আদি চৰ এলেকাবাসীক সৰ্বস্বান্ত কৰি থৈ গৈছে। ভয়ংকৰ বানপানীৰ সময়ত চৰৰ মানুহখিনেয়ে জীৱনৰ মায়াত ওখ ঠাইত গৈ আশ্ৰয় গ্ৰহণ কৰিছিল যদিও তেওঁলোকে হাঁহ-কুকুৰা, গৰু-ছাগলী আদি আশ্ৰয় শিবিৰত লৈ যাবলৈ সক্ষম হোৱা নাছিল।
বানৰ ফলত অধিকাংশ ঘৰৰ মজিয়াত এতিয়াও এক আঁঠু পানী জমা হৈ থকাৰ বিপৰীতে চোতালত এতিয়াও একোখনকৈ নদী। মাটিৰ লগত মিলি গৈছে তেওঁলোকৰ জুপুৰি সমূহ। খোৱা পানীৰ নামত নদীৰ ঘোলা পানীৰ বাদে তেওঁলোকৰ বিকল্প নাই। বিদ্যূৎ তেওঁলোকৰ বাবে মাথোঁ সপোন। শিক্ষাৰ ক্ষেত্ৰত তথৈবচ অবস্থা। পাঁচ কিলোমিটাৰ আঁতৰত গৈ বজাৰ-সমাৰ নকৰিলে উপায় নাই।
উল্লেখযোগ্য যে বানপানীত জুৰুলা হোৱা এই মানুহখিনিয়ে অবাস্তৱৰ পৰা বাস্তৱ কিছু কামৰ জৰিয়তে ৰাইজ্যৰ অৰ্থনৈতিক দিশত যথেষ্ঠ বৰঙণি আগবঢ়াই আহিছে। অনাবাদি বালিচৰ তেওঁলোকে কঠোৰ শ্ৰমেৰে আবাদি কৰি তুলিছে। কৃষি কৰ্ম আৰু পশুধন পালনৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ আগবঢ়াই আহিছে অৰিহণা। চৰকাৰে চৰ-চাপৰিৰ ৰাইজক সহায় কৰিলে নিশ্চয় অসম খন কৃষি ক্ষেত্ৰত যথেষ্ঠ আগবাঢ়িব বুলি বিজ্ঞমহলে দাবী কৰিছে।
শিবিৰৰ পৰা বন্যাক্ৰান্ত নিজ নিজ ঘৰলৈ আহি আছে যদিও ঘৰৰ অৱস্থা দেখি তেওঁলোকে মূৰে কপালে হাত দিছে। এই ক্ষেত্ৰত চৰকাৰৰ সহায়ৰ বাদে তেওঁলোকৰ কোনো উপায় নাই বুলি জনাইছে।