জনীয়া, সংবাদ ৩৬৫, ২১ আগষ্ট : কলগাছিয়াৰ গাতে লাগি থকা খাৰবাল্লি গাঁওৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে দীৰ্ঘ দিনৰ পৰাই যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হব লগা হৈছে। খাৰবাল্লি গাঁওৰ মাজেৰে বেঁকী নৈৰ এটা সুঁতিৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ কৰিব লগা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে গাঁওবাসীয়ে।

বেঁকী নৈৰ সুঁতিৰ পূব পাৰে থকা ৮০৬ নং খাৰবাল্লি প্ৰাথমিক বিদ্যালয়ৰ ৪ শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰায় আঢ়ৈশ ছাত্ৰ-ছাত্ৰীয়ে টুলুঙা নাওৰে বিপদসংকুল যাত্ৰা কৰি প্ৰত্যেক দিনেই পাৰ হব লগা হয় ।

উল্লেখ্য যে, দুবছৰ পূৰ্বে এই সুঁতিৰ মাজেৰে মথাউৰী সদৃশ বালিৰে বান্ধ নিৰ্মান কৰিছিল যদিও বাৰিষাৰ সময়ত বান্ধখন ছিঙি যোৱাৰ পিছত এইবাৰো ৰাইজৰ গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ সাঁকো নিৰ্মান কৰিছিল। এইবাৰ বাৰিষাৰ সময়ত এই দলংখনো বেকী নৈৰ সোঁতে উটুৱাই লৈ যায়। তাৰ পিছৰে পৰাই ৰাইজৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে মৰণক শৰণ দি এনেদৰে বিপদসংকুল যাত্ৰা কৰিবলগা হৈছে।

অভিভাৱক ৰাইজ আৰু শিক্ষক সকলে অতি সোনকালে উক্ত স্থানত এখন দলং নিৰ্মাণ কৰি গাঁওবাসীৰ লগতে কণ কণ ছাত্র-ছাত্ৰীৰ যাতায়াত সুনিশ্চিত কৰি দিবলৈ চৰকাৰ লগতে স্থানীয় সাংসদ আব্দুল খালেক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে।