গোৱালপাৰা : চৈবাৰীত পুনৰ পুখুৰীত পৰিল ৬ টাকৈ বনৰীয়া হাতী। নিশাৰ ভাগত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতী ৬ টা পুখুৰীত পৰি আবদ্ধ হৈ পৰে। বুধবাৰে নিশাও চৈবাৰীত পুখুৰীত পৰি আবদ্ধ হৈছিল ৫ টাকৈ বনৰীয়া হাতী। পৰৱৰ্তী সময়ত বন বিভাগে জেচিবিৰে পুখুৰীৰ পাৰ খান্দি দিয়াত বনৰীয়া হাতী ৫ টা পুখুৰীৰ পৰা ওলাই বনাঞ্চলত উভতি গৈছিল।

বনৰীয়া হাতীৰ বাবে সংকট হৈ পৰিছে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চৈবাৰীৰ পুখুৰী। বুধবাৰে নিশা চৈবাৰীৰ পুখুৰীত পৰি আবদ্ধ হৈ পৰিছিল ৫ টাকৈ বনৰীয়া হাতী। বৃহস্পতিবাৰে নিশা পুনৰ সংঘটিত হয় একে ঘটনা। পুনৰ ৬ টাকৈ বনৰীয়া হাতী চৈবাৰীৰ পুখুৰীত পৰি আবদ্ধ হৈ পৰে। মাত্ৰ ১০ ঘটনাৰ ভিতৰত দুবাৰকৈ বনৰীয়া হাতী চৈবাৰীৰ পুখুৰীত পৰি আবদ্ধ হৈ পৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্থানীয় ৰাইজে পুখুৰীত ৬ টাকৈ বনৰীয়া হাতী আবদ্ধ হৈ থকাৰ খবৰ বন বিভাগ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত আহি উপস্থিত হৈছে। ইফালে ৬ টাকৈ হাতী আবদ্ধ হৈ থকা পুখুৰীৰ চাৰিওফালে কেইবাটাও বনৰীয়া হাতী থাকৰ বাবে বন বিভাগে উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা নাই। জেচিবিৰে পুখুৰীৰ পাৰ খান্দি বনৰীয়া হাতী কেইটাক বন বিভাগে উদ্ধাৰৰ চেষ্টা চলাব।

উল্লেখ্য যে বুধবাৰে নিশাও চৈবাৰীৰ পুখুৰীত দুটা পোৱালিসহ ৫ টাকৈ বনৰীয়া হাতী পৰি আবদ্ধ হৈ পৰিছিল। পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে পুখুৰীৰ পাৰ খান্দি হাতী ৫ টাক পুখুৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। মাত্ৰ ১০ ঘণ্টাৰ ভিতৰত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতী চৈবাৰীৰ পুখুৰীত পৰি আবদ্ধ হৈ পৰিছে।

অঞ্চলটোত বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাক বিচৰণ কৰি আছে। মেঘালয়ৰ বনাঞ্চলৰ পৰা ওলাই আহি বনৰীয়া হাতীৰ বৃহৎ জাকটো অঞ্চলটোত পথাৰৰ ধান খাই তহিলিং কৰাৰ লগতে মানুহৰ ঘৰ দুৱাৰ ভাঙি সন্ত্ৰাস চলাই আছে। ৰাইজে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বাৰম্বাৰ বন বিভাগক আহ্বান জনাই আছে যদিও এই ক্ষেত্ৰত বন বিভাগ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।