আজিজ আলী
মুকালমুৱা : নালবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যক ঘটনা। এজন যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি নালবাৰীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৃত যুৱকজন শিৱসাগৰৰ পৰা ভাতৃৰ বিয়া খাবলৈ নালবাৰী লৈ আহিছিল।

নালবাৰী জিলাৰ জানিগোগত বৃহস্পতিবাৰে পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। মৃত যুৱকজন জানিগোগৰ আলীফ হক ওৰফে বাবু বুলি চিনাক্ত কৰা হয়। যুৱকজন ভাতৃৰ বিয়া খাবলৈ শিৱসাগৰৰ পৰা নালবাৰীৰ নিজ ঘৰলৈ আহিছিল।

ভাতৃৰ বিয়া খাবলৈ শিৱসাগৰৰ পৰা ঘৰলৈ অহা আলীফ হক ওৰফে বাবুৰ ঘৰৰ সমীপতে পুৱাৰ ভাগত মৃতদেহ উদ্ধাৰ হয়। মৃতদেহৰ কাষতে যুৱকজনৰ মোবাইল ফোন উদ্ধাৰ হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই।

যুৱকজন শিৱসাগৰত এটা ব্যাক্তিগতখণ্ডৰ কোম্পানীত কৰ্মৰত আছিল। ভাতৃৰ বিয়া খাবলৈ অহা যুৱকজনৰ মৃতদেহ এইদৰে ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতে যুৱকজনৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিব।