গুৱাহাটী : কৃষক আন্দোলনৰ শ্বহীদ সকলক আৰ্থিক সাহায্য প্ৰদনাৰ দাবী এআইইউডিএফৰ। কৃষক আন্দোলনত শ্বহীদ হােৱা লোক আৰু আর্থিকভাৱে জুৰুলা হােৱা খেতিয়ক সকলক বিশেষ অর্থনৈতিক সাহায্য আগবঢ়াব লাগে বুলি কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে এআইইউডিএফে। এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে এক প্ৰেছ বিবৃতিযোগে কয় যে অৱশেষত কৃষক আন্দোলনৰ প্রতি নতশিৰ হ’বলৈ বাধ্য হ’ল কেন্দ্রীয় চৰকাৰ, অকল নতশিৰে নহয় ক্ষমা খুজিবলৈও বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ। কৃষক বিৰােধী তিনিখন আইনক লৈ সমগ্ৰ দেশতে প্রতিবাদ হৈছিল। এই প্রতিবাদক কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ নেতা-পালিনেতাই তাচ্ছিল্য কৰা পৰিলক্ষিত হৈছিল।

এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে কয় যে সম্পূর্ণ কৃষি ব্যৱস্থাটোৱেই কৃষকৰ পৰা উদ্যোগপতিৰ হাতত গতাই দিব বিচৰা এই আইন তিনিখনৰ মূল উদ্দেশ্য আছিলে। কিন্তু দেশৰ একত্রিত কৃষকে এই আইনৰ অন্তর্নিহিত অর্থ বুজি পাই ইয়াৰ তীব্ৰ বিৰােধীতা কৰে আৰু এই প্রতিবাদৰ সময়ছোৱাত ৭০০ তকৈও অধিক লােক শ্বহীদ হ’ব লগা হয়। আন্দোলনৰ সময়ছোৱাত বহু কৃষক আর্থিকভাৱেও লােকচানৰ সন্মুখীন হ’ব লগা হয়। এআইইউডিএফৰ সভাপতি গৰাকীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মাদীয়ে কৃষি আইন বাতিল কৰাৰ মূল কাৰণ আগন্তুক দেশৰ কেইবাখনাে ৰাজ্যত হ’বলগীয়া বিধানসভা নির্বাচনত যাতে কোনাে প্রভাৱ নপৰে। সেইবাবেহে এই আইন তিনিখন বাতিল কৰিবলৈ বাধ্য হৈছে।

বিগত সময়বােৰত কৃষক আন্দোলনৰ কাৰণে আৰু বিৰােধীৰ ভূমিকাৰ বাবে সংসদ অচল হৈ পৰিছিল। আগন্তুক হ’বলগীয়া সংসদ অধিৱেশন যাতে ভালদৰে সম্পন্ন হয় তাৰ বাবেও চৰকাৰে এই আইন তিনিখন বাতিল কৰিবলৈ বাধ্য হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে যদিও আইন তিনিখন উঠাই লােৱাৰ কথা ঘােষণা কৰিছে কিন্তু তেওঁৰ ঘােষণাৰ প্রতি কৃষকসকল আশ্বস্ত হ’ব পৰা নাই বুলি ব্যক্ত কৰি বদৰুদ্দিন আজমলে বিবৃতিটোত আৰু কয় যে অতি সােনকালে কৃষক নেতা সকলে দাবী কৰাৰ দৰেই সংসদত এই আইন তিনিখন বাতিলৰ ব্যৱস্থাৰ গ্ৰহণ কৰিব লাগে।কৃষি আন্দোলনত শ্বহীদ আৰু আর্থিকভাৱে লােকচান হােৱা কৃষক সকলৰ বাবে বিশেষ অৰ্থনৈতিক সাহায্যৰ ঘােষণা কৰিবলৈ চৰকাৰক দাবী জনায় এইআইইউডিএফৰ সভাপতি গৰাকীয়ে।

বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ প্রতিটো নীতিয়েই যে জনসাধাৰণৰ হিতৰ বিপৰীতে সেই কথা ৰাইজে এতিয়া হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ প্রত্যুত্তৰ ৰাইজে সময়ত নিশ্চয় দিব বুলি এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে বিবৃতিটোত ব্যক্ত কৰে। শুকুৰবাৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন বাতিল কৰাৰ ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰি তিনিখন কৃষি আইন আগন্তক সংসদ অধিৱেশনত বাতিলৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব বুলি ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰীৰ কৃষি আইন বাতিলৰ ঘোষণাক কৃষক সকলে আদৰণি জনায়। বিগত এবছৰ ধৰি তিনিখন কৃষি আইন বাতিলৰ দাবীত দেশৰ কৃষক সকলে আন্দোলনৰ জৰিয়তে সংগ্রাম চলাই আছিল।

কৃষক সকলৰ লগত বিৰোধী ৰাজনৈতিক দল সমূহেও দেশৰ কৃষক সকলৰ পক্ষত থাকি কৃষি আইন বাতিলৰ দাবী জনাই আহিছিল। প্ৰধানমন্ত্ৰীয়ে তিনিখন কৃষি আইন বাতিলৰ কথা ঘোষণা কৰাৰ পিছতেই বিৰোধী ৰাজনৈতিক দল সমূহে এইয়া কৃষক সকলৰ বৃহৎ জয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইফালে কৃষক সকলে প্ৰধানমন্ত্ৰীৰ তিনিখন কৃষি আইন বাতিলৰ ঘোষণাৰ পিছতো কৃষক সকলকৰ আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। সংসদত তিনিখন কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত কৃষক সকল অপেক্ষা কৰিব বুলি প্ৰতিবাদকাৰী কৃষক সকলৰ নেতা ৰাকেশ টিকেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।