ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডৰ তিনিটিকৈ বঁ‌টা লাভ কৰিলে অসমে

In ৰাজ্য
Umra Package

গুৱাহাটী : অসমৰ বাবে ভাল খবৰ। ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডৰ তিনিটিকৈ বঁ‌টা লাভ কৰিলে অসমে। অসমৰ মীন বিভাগে হাইদৰাবাদত অৱস্থিত ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডৰ পৰা তিনিটাকৈ বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে। অনুপ কুমাৰ শৰ্মাই পাহাৰীয়া আৰু উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মীন পালকৰ বঁ‌টা লাভ কৰিছে। এই বঁ‌টাত এখন মানপত্ৰ, শ্বল,স্মাৰকৰ লগতে দুই লাখ টকাৰ আৰ্থিক পুৰস্কাৰ সন্নিৱিষ্ট আছে।

ইফালে কামৰূপ মহানগৰ জিলাৰ কলং-কপিলী সমবায় সমিতি লিমিটেডে শ্ৰেষ্ঠ মীন সমবায় সমিতি হিচাপে বিবেচিত হৈছে। এই বঁ‌টাত আছে এখন মানপত্ৰ, এখন শ্বল, এটা স্মাৰকৰ লগতে দুই লাখ টকাৰ আৰ্থিক পুৰস্কাৰ। আনহাতে পাহাৰীয়া আৰু উত্তৰ-পূৱৰ জিলাসমূহৰ ভিতৰত বঙাইগাওঁ‌ জিলা শ্ৰেষ্ঠ জিলাৰ সন্মান লাভ কৰিছে। ইয়াৰ বাবে এখন মানপত্ৰ, এখন শ্বল, এক স্মাৰক আৰু তিনি লাখ টকাৰ আৰ্থিক পুৰস্কাৰ লাভ কৰিব।

এই পুৰস্কাৰসমূহ বিশ্ব মীন দিৱস উপলক্ষে উৰিষ্যাৰ ভুৱনেশ্বৰত অৱস্থিত উৰিষ্যা সচিবালয়ৰ কনভেনচন কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব। মৎস্যপালন, পশুপালন আৰু ডেয়ৰীৰ কেন্দ্ৰীয় মন্ত্ৰী পুৰষোত্তম ৰূপালা, মৎস্যপালন, পশুপালন আৰু ডেয়ৰীৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগান আৰু মীন বিভাগৰ সচিব ড° সঞ্জীব কুমাৰ বাল্যন, যতীন্দ্ৰ নাথ স্বেইন আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

You may also read!

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০

Read More...

Mobile Sliding Menu