মাজুলী, ২৮ মেঃ “এজাৰ ফুলিলে বেজাৰ কিয় কৰ’?” মাজুলীৰ আকাশত এতিয়া এজাৰ ফুলৰ বেঙুনীয়া হাঁহিৰ সমাহাৰ। আকাশ শুৱনি কৰি এজাৰ ফুলিলে, আকাশখন পৰিণত হয় বেঙুণীয়া চাদৰলৈ, যিয়ে উন্মনা কৰি তোলে বহুতক, বেঙুণীয়া হাঁহিত বিলীন হয় বহুজন, কিন্তু আন ঠাইৰ দৰে এজাৰ ফুলৰ হাঁহি দেখিলে মাজুলীবাসীৰ হৃদয় জুৰ নপৰে ৷ এজাৰ ফুলৰ হাঁহিৰ লগত নদী-দ্বীপ মাজুলীয়ে নিজক যেন বিলীন কৰি দিব নোৱাৰে। মাজুলীৰ আকাশ যেতিয়া এজাৰ বৰণীয়া হয় মাজুলীৰ ৰঙিয়াল মনতো বেজাৰ লাগে। শংকিত হয় মাজুলীবাসী, মাজুলীৰ চহা খেতিয়কসকল। কাৰণ এজাৰ ফুলৰ হাঁহি আৰু বেঙুণীয়া চাদৰখনে মাজুলীবাসীক মনত পেলাই দিয়ে আগন্তুক বান-বাৰিষাৰ কথা। বান-বাৰিষাৰ কথা ভাবি শংকিত হৈ পৰে মাজুলীবাসী তথা চহা খেতিয়ক সকল। বানত হয়তো উটি যায় হালৰ গৰুহাল নাইবা বানৰ তলত নিজৰ খেতিডৰাৰ কথা ভাবি। এজাৰ ফুলিলেই মাজুলীবাসী প্ৰস্তুত হয় বান-বাৰিষা দুৰ্যোগৰ লগত মুখামুখি হ’বলৈ। আনহাতে এজাৰে হৈ পৰে মাজুলীবাসীৰ বাৰিষাৰ সম্বল। বাৰীৰ এজাৰ কাঠেৰে প্ৰয়োজনীয় এখন নাওঁ প্ৰস্তুত কৰি লয়। কিয়নো এজাৰ সকলোতকৈ ভাল কাঠ নাওঁ নিৰ্মাণৰ বাবে। বান-বাৰিষা প্ৰতিটো পৰিয়ালৰ বাবে প্ৰয়োজন হয় একোখনকৈ নাওঁৰ। মাজুলীৰ শালমৰা নাওঁশিল্প অসম বিখ্যাত। এই শালমৰাৰ বাঢ়ৈয়ে নিৰ্মাণ কৰা নাওঁ শৰাইঘাটৰ ৰণত ব্যৱহাৰ কৰিছিল। সেয়ে এতিয়া শালমৰাৰ বাঢ়ৈ সকলৰ এৰাব নোৱৰা ব্যস্ততা । প্ৰায় সকলে ঘৰৰ চোতালত নিৰ্মাণ কৰিছে একোখন এজাৰ কাঠৰ নাওঁ। একোখন সৰু এজাৰ কাঠৰ নাওঁৰ দাম ৫ হাজাৰৰ পৰা ৭ হাজাৰ টকা পৰ্যন্ত। এজাৰ ফুলেই যেন মাজুলীবাসীক মনত পেলাই দিয়ে বান-বাৰিষাৰ ছবিখনলৈ…