গুৱাহাটী, ২৮ মেঃ বৰ্ণীহাটৰ জয়ন্তীয়া ফৰোলাইছ নামৰ এখন ফেক্টৰীৰ পৰা মহানগৰ আৰক্ষীয়ে অভিযান চলাই প্ৰায় বৃহৎ পৰিমানৰ চুৰিৰ পাইপ উদ্ধাৰ কৰে। উল্লেখ্য যে, গুৱাহাটীত পানী যোগান আঁচনিৰ বাবে জাইকা নামৰ কোম্পানীটোৱে সংস্থাপন কৰি থকা পাইপবোৰ যোৱা কিছু মাহ ধৰি চুৰি হ’বলৈ ধৰে। এই চুৰিৰ অভিযোগ কোম্পানীয়ে মহানগৰীৰ কেইবাটাও আৰক্ষী চকীত দাখিল কৰাত আৰক্ষীয়ে অভিযান চলাই বৰ্ণীহাটৰ জয়ন্তীয়া ফৰোলাইছৰ পৰা ডেৰ কোটি টকাৰ চুৰিৰ পাইপ উদ্ধাৰ কৰে।  এই সংক্ৰান্তত আৰক্ষীয়ে এএছ-০১-দিদি-৮৪৭৫ নম্বৰৰ এখন ট্ৰাকৰ লগত ট্ৰাক চালককো আটক কৰে। মহানগৰীৰ চান্দমাৰী, যোৰাবাট আৰু বৰ্ণীহাট আৰক্ষীৰ এক যুটীয়া অভিযানত ফেক্টৰীখনৰ পৰা জাইকাৰ দুটাকৈ ডাঙৰ পাইপ উদ্ধাৰ কৰাৰ লগতে চুৰিৰ পাইপ গলাই নতুন পাইপ বনোৱাৰ প্ৰমাণ পায়। আৰক্ষীৰ অভিযানৰ খবৰ পাই ফেক্টৰীৰ কৰ্মচাৰীসকলে ডাঙৰ পাইপ দুটা মাটিৰ তলত পুতি পলায়ন কৰে। পিছত আৰক্ষীয়ে মাটি খান্দি পাইপ দুটা উদ্ধাৰ কৰি ফেক্টৰীৰ এজন কৰ্মচাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা ট্ৰাকখনৰ চালকে জানিবলৈ দিয়া মতে এই ফেক্টৰীখনত তেওঁ দুবাৰকৈ পাইপ আনিছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মহানগৰীৰ বিভিন্ন স্থানৰ পৰা জাইকাৰ প্ৰায় ডেৰ কোটি টকাৰো অধিক মূল্যৰ পাইপ চুৰি হৈছে। তাৎপৰ্যপূৰ্ণ যে, গোটেই নিশা মহানগৰ আৰক্ষীৰ দলে পেট্ৰলিং কৰি থকা সময়তে ইমানবোৰ চুৰি পাইপ মহানগৰীৰ বাহিৰলৈ ওলাই যোৱাৰ আঁৰত গভীৰ ৰহস্য জড়িত থকাৰ সন্দেহ সৃষ্টি কৰিছে৷