কোকোৰাঝাৰ, ২৭ জুনঃ বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ নিৰ্যাতন-হাৰাশাস্তিৰ সন্মুখীন হোৱাটো চিৰপৰিচিত ঘটনা৷ কিন্তু এইবাৰ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ কোকোৰাঝাৰৰ এজন যুৱকে প্ৰায় এবছৰ মানসিক চিকিৎসালয়ত থাকিবলগীয়া হয়৷ যুৱকজন কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত দৈবিনিৰ নিৱাসী আখিলা কিস্কু। অতি দুখীয়া পৰিয়ালৰ আখিলা কিস্কুৱে মৃত পিতৃৰ ঋণৰ ধন পৰিশোধ কৰিবলৈ বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ কাৰণে গৈ প্ৰায় এবছৰ মানসিক চিকিৎসালয়ত থাকিবলগীয়া হয়৷ আখিলাৰ পিতৃয়ে স্থানীয় এজন ব্যক্তিৰ পৰা  ৩০ হাজাৰ টকা ধাৰ লয়৷ কিন্তু ব্যক্তিজনক টকা ঋণৰ ধন পৰিশোধ কৰাৰ পূৰ্বে পিতৃৰ মৃত্যু হোৱাত ঋণ পৰিশোধ কৰাৰ দায়িত্ব আখিলাৰ ওপৰতে পৰে। পিতৃৰ ঋণৰ বোজা পৰিশোধৰ কাৰণে কেইটামান মূলধন লৈ এবছৰ পূৰ্বে আখিলাই বহিঃৰাজ্য বাংগালোৰলৈ চাকৰিৰ সন্ধানত যায়৷  বাংগালোৰ এক্সপ্ৰেছত গৈ থকা অৱস্থাত বিশাখাপট্টম ৰেলৱে ষ্টেচন পোৱাৰ কিছু পূৰ্বে দুৰ্বৃত্তৰ দলে আখিলাৰ লগত থকা টকাখিনি হস্তগত কৰি আখিলাক চলন্ত ৰেলৰ পৰা গতিয়াই পেলাই দিয়ে। সৌভাগ্যক্ৰমে ৰেলৰ গতি কম থকাৰ বাবে আখিলাৰ প্ৰাণ ৰক্ষা পৰে৷ শৰীৰৰ কেবাঠাইত আঘাটপ্ৰাপ্ত আখিলাই অচিনাক্ত চহৰখনত ছিন্ন ভিন্ন চোলা, দেহত আঘাতৰ চিন-তেজেৰে উদ্দেশ্যবিহীনভাৱে খোজকাঢ়ি ঘূৰি-ফুৰে। পুৱা সময়ত উদ্দেশ্যবিহীনভাৱে খোজকাঢ়ি ঘূৰি-ফুৰা আখিলাক দেখি স্থানীয় জনতাই চোৰ বুলি সন্দেহ কৰি গণ-প্ৰহাৰ কৰে। স্থানীয় লোকৰ প্ৰহাৰ আখিলাই চাওঁতাল ভাষাতে চিঞৰি চিঞৰি নিজৰ অৱস্থাৰ কথা বুজাব বিচাৰে। স্থানীয় লোকে আখিলাৰ ভাষা বুজি নাপাই মানসিক বিকাৰগ্ৰস্থ বুলি আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়েও আখিলাক বিশেষ সোধপোচ নকৰাকৈ বিশাখাপট্টমৰ এখন মানসিক চিকিৎসালয়ত ভৰ্তি কৰায়। মানসিক ৰোগী নোহোৱা সত্বেও আখিলা ভাষাৰ সমস্যাৰ বাবেই সুদীৰ্ঘ এবছৰ জেল সদৃশ মানসিক চিকিৎসালয়ত কটাবলগীয়া হয়। অৱশেষত চিকিৎসকৰ সন্মুখত আখিলাই নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। বিশাখাপট্টমৰ মানসিক চিকিৎসালয়ৰ অধীক্ষকে কোকৰাঝাৰ জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি আখিলাক স্ব-গৃহলৈ পঠিওৱাৰ ব্যৱস্থা কৰে৷ আখিলা স্ব-গৃহ আহি পোৱাৰ পিছতে ঘৰখনত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়৷ এসপ্তাহ পূৰ্বে ঘৰ আহি পোৱা আখিলাই বিগত এবছৰ মানসিক চিকিৎসালয়ৰ পৰিবৰ্ত্তে জেলত থকা বুলিহে ভাবিছিল। এই সময়ছোৱাত সংঘটিত সমগ্ৰ ঘটনা স্মৰণ কৰি আখিলাই কেতিয়াও বহিঃৰাজ্যত কাম কৰিবলৈ নাযায় বুলি জানিবলৈ দিয়ে৷