ৰঙিয়া, ২৭ জুনঃ ৰাজ্যৰ বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বিৰুদ্ধে ৰঙিয়াত উত্তপ্ত জনতাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী জনতাই বিদ্যুৎ বিভাগ হায় হায়, শক্তিমন্ত্ৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ উল্লেখ্য যে, ৰঙিয়াৰ জয়ন্তীপুৰ মলোসাতৰ খেলপথাৰত ১১ হাজাৰ বিদ্যুৎ পৰিবাহী তাঁৰ বিপদজনক ভাৱে উন্মুক্ত হৈ আছে৷ বিদ্যুতৰ খুটাৰ পৰা ১১ হাজাৰ ভল্টৰ এই বিদ্যুৎ পৰিবাহী তাঁৰ সুলকি মাটিৰ পৰা প্ৰায় এক ফুট ওপৰত বিপদ সংকুলভাৱে বহুদিন ধৰি ওলমি থকাৰ পিছতো বিভাগটোৰ কোনো কাণসাৰ নাই। স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক কেবাবাৰো অৱগত কৰাৰ পিছতো বিভাগটোৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে৷ বিদুৎ বিভাগৰ চূড়ান্ত গাফিলতি তথা গা-এৰা মনোভাবৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ক্ষুন্ন জনতাই শীঘ্ৰে এই উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ ক্ষেত্ৰত বিদ্যুৎ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰঙিয়া বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিয়ে।