গুৱাহাটী : দুদিনীয়া ভ্ৰমণ সূচীৰে গুৱাহাটীত উপস্থিত হৈছে অখিল ভাৰতীয় তেৰাপস্থ (Terapanth) মহিলা মণ্ডল চমুকৈ এ বি টি এম এমৰ ৰাষ্ট্ৰীয় সভানেত্রী নীলম ছেঠিয়া। তেৰান্থ মহিলা মণ্ডল গুৱাহাটীৰ অধীনৰ কন্যা সুৰক্ষা চাৰ্কোল, ‘ফিড দ্যা মাইণ্ড’ পুথিভঁৰালকে আদি কৰি কেইবাটাও প্রকল্প ৰাষ্ট্রীয় সভানেত্রী নীলম ছেঠিয়াই উদ্বোধন কৰে। ইয়াৰ উপৰিও গুৱাহাটী চিকিৎসালয়কে ধৰি বিভিন্ন স্থানত স্থায়ী ষ্টীলৰ চেয়াৰ স্থাপন কৰে।

গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ আদালতৰ কাষত থকা কন্যা সুৰক্ষা চাকোলত মুখ্য অতিথি ৰাষ্ট্ৰীয় সভানেত্রী নীলম ছেঠিয়াৰ উপস্থিতিত প্রাক্তন বিধায়ক তথা ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভানেত্রী অঙ্গুৰলতা ডেকাই উদ্বোধন কৰে। উক্ত অনুষ্ঠানত শ্ৰী জৈন শ্বেতাম্বৰ তেৰাপন্থ সভা গুৱাহাটী, তোপন্থ যুৱ পৰিষদ, টিপিএফ, অনুব্রত সমিতি, এটিএমআৰএফকে আদি বিভিন্ন সংগঠনৰ জোষ্ঠ সদস্যসকল উপস্থিত থাকে। স্বর্গীয় ৰঞ্জিত কুমাৰ আৰু সুশীলা মালুৰ স্মৃতিত বাসন্তী দেবী মলুয়ে কন্যা সুৰক্ষা চাৰ্কোল নিৰ্মাণ কৰি দিয়ে। ‘কন্যা সুৰক্ষা চাকোল’ৰ জৰিয়তে মহিলা আৰু যুৱতী সকলৰ হৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ সমীপত গীতেৰে সজাগতা চলোৱা হয়।

আনহাতে, নাতুন ফাটাশিল টাউন হাই স্কুলত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰীয় সভানেত্রী নীলম ছেঠিয়াই ফিড দ্যা মাইণ্ড’ নামৰ এটা পুথিভঁৰাল উদ্বোধন কৰে। শিশুসকলৰ বাবে তথ্যপূৰ্ণ আৰু তথ্য সমৃদ্ধ কিতাপেৰে পৰিপূৰ্ণ এই পুথিভঁৰালটো মঙ্গিলাল আৰু মঞ্জু দেৱী বাঞ্চালীৰ পৰিয়ালে নিৰ্মাণ কৰি দিয়ে। এই উপলক্ষে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে গুৱাহাটীৰ তেৰাপন্থ মহিলা মণ্ডলৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰে। ইপিনে আন এটা প্ৰকল্পৰ অধীনত কালাপাহাৰ যক্ষ্মা চিকিৎসালয় আৰু বিভিন্ন স্থানত তোপন্থ মহিলা মণ্ডলে ১১ টা ষ্টীলেৰে নিৰ্মিত আৰামদায়ক চকী ছেট প্রদান কৰে।

এই সময়ছোৱাত ৰাষ্ট্রীয় সভানেত্রী নীলম চেঠিয়াই সামাজিক আৰু মানৱ সেৱাৰ দিশত গুৱাহাটীৰ তোপন্থ মহিলা মণ্ডলৰ কাম-কাজক প্ৰশংসা কৰে। ইয়াৰ পূর্বে, ৰাষ্ট্ৰীয় সভানেত্ৰীৰ উপস্থিতিত ফাঁচী বজাৰত থকা তেৰাপন্থ ধৰ্মস্থলত সম্ভাৱনাৰ ওপৰত অসম-মেঘালয় পর্যায়ৰ কৰ্মশালা ‘ক্ষিশিটিজ’ৰ আয়োজন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰীয় সভানেত্ৰী নীলম ছেঠিয়াই ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য সুমন নাহাটা, বিশেষ অতিথি মনীষা বোথ্রা, অসম-মেঘালয়ৰ ভাৰপ্ৰাপ্ত এবিটিএমএম সূচিত্রা চাজ্জাৰ, সুত্ৰা চাৰে, মহাসভাৰ উপ-সভাপতি সুমন নাহাটা, টিএমএম গুৱাহাটীৰ সভাপতি মঞ্জু বাঞ্চালী, সম্পাদক সুশীলা মালু আদিকে ধৰি বহু জ্যেষ্ঠ লোক উপস্থিত থাকে।

কোষাধ্যক্ষ ৰাজশ্ৰী ডুমাবে কয় যে বহু সংখ্যক মহিলাই কর্মশালাত অংশগ্ৰহণ কৰে আৰু লাভান্বিত হয়। ৰাষ্ট্ৰীয় সভানেত্ৰী গৰাকীৰ দুদিনীয়া ভ্ৰমণৰ অন্তিম দিনা মাছখোৱাৰ আইটিএ প্রকল্পত সংগীত অনুষ্ঠান ‘সুৰোৎসৱ’ আয়োজন কৰা হয়। জনপ্রিয় গায়িকা অভিলাশা বাছিয়াই ভক্তিমূলক গীতেৰে দৰ্শকক আকৰ্ষণ কৰে। তোপন্থ মহিলা মণ্ডল গুৱাহাটীৰ সকলো সদস্যই ৰাষ্ট্ৰীয় সভানেত্রী নীলম ছেঠিয়াক দুদিনীয়া অসম ভ্ৰমণৰ সময়ছোৱাত সকলোৱে সম্পূর্ণ সমৰ্থন আৰু সহযোগিতা প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।