গুৱাহাটী : ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে সোমবাৰে মেয়ৰ মৃগেন শৰণীয়া আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালক লগত লৈ গুৱাহাটী মহানগৰীৰ বৰাগাঁও (Boragaon Dumping Ground) আৰু কাহিলীপাৰাত গুৱাহাটী পৌৰ নিগমৰ বৰ্তমানে থকা আৰু প্ৰস্তাৱিত আৱৰ্জনা ব্যৱস্থাপনাস্থলী (ডাম্পিং গ্ৰাউণ্ড) পৰিদৰ্শন কৰাৰ লগতে কাহিলীপাৰা এলেকাৰ পথৰ কাষৰ নিৰ্মিয়মাণ পদপথ আৰু নলাৰ কাম-কাজো আকস্মিকভাৱে পৰিদৰ্শন কৰে। অঞ্চলটোৰ কেইবাটাও স্থানৰ পদপথত পদব্ৰজে ভ্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে নলা-নৰ্দমা নিৰ্মাণৰ কাম খৰতকীয়া কৰা, কামত গুণগত মান অটুট ৰখা তথা সম্ভাব্য দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে উন্মুক্ত মেলহ’লসমূহ যথাসম্ভৱ সোনকালে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।

ইয়াৰ পূৰ্বে মন্ত্ৰী অশোক সিংহলে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী পৌৰ নিগমৰ নৱনিযুক্ত বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখনি পৰিচয়মূলক বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত নিগমত নতুনকৈ নিযুক্ত অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ লগতে লোক নিৰ্মাণ, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ পৰা ডেপুটেশ্যনত অনা সহকাৰী অভিযন্তা তথা কনিষ্ঠ অভিযন্তাসকলো উপস্থিত থাকে। তদুপৰি ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ বানমুক্তকৰণৰ কাম-কাজ নিৰীক্ষণৰ বাবে অতিৰিক্তভাৱে দায়িত্ব অৰ্পণ কৰা জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকল ক্ৰমে পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খান, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম চৰণ সিং, কৰ্মচাৰী বিভাগৰ সচিব ঘনশ্যাম দাস, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰী আদিও আজিৰ বৈঠকত উপস্থিত থাকে।

বৈঠকত মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত বিষয়াসকলক প্ৰতিদিনাই নিজৰ দায়িত্বপ্ৰাপ্ত এলেকাসমূহ ভ্ৰমণ কৰি কাম-কাজৰ নিৰন্তৰ তদাৰকীৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ কয় যে গুৱাহাটী মহানগৰীক বানমুক্ত কৰাটো এক বৃহৎ প্ৰত্যাহ্বান আৰু এতিয়াৰেপৰা নিয়মীয়াকৈ নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ অবিহনে এই সমস্যা সমাধানৰ গত্যন্তৰ নাই৷ ভৰলু, বাহিনীকে ধৰি মহানগৰীৰ প্ৰধান নলাসমূহৰ পৰা নিয়মীয়াকৈ আৱৰ্জনা, গেদ আদি উঠোৱাৰ লগতে এই বোকাসমূহ উপযুক্ত ৰূপত স্থানান্তৰৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। নলাৰ পৰা উঠোৱা বোকাসমূহৰ সঠিক ওজন কৰাৰ বাবে এক বিজ্ঞানসন্মত পদ্ধতি উদ্ভাৱনৰ বাবেও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত মন্ত্ৰী সিংহলে নৱনিযুক্ত বিষয়াসকলক কেতবোৰ গুৰুত্বপূৰ্ণ দায়িত্ব ভগাই দিয়াৰ লগতে কাম-কাজৰ অগ্ৰগতিৰ সবিশেষ নিয়মীয়াকৈ তেওঁক অৱগত কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে।