গুৱাহাটী, সংবাদ ৩৬৫, ৫ আগষ্ট : ভাৰতৰ সংসদত বিজেপি চৰকাৰে কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ বাবে লোৱা প্ৰস্তাৱ আৰু জম্মু-কাশ্মীৰক দ্বিখণ্ডিত কৰি দুটা কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰ্যবসিত কৰিবলৈ লোৱা সিদ্ধান্তত গভীৰ উদ্বেগ প্ৰকাশ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । তেওঁলোকৰ মতে এইয়া ভাৰতীয় ফেডাৰেল ব্যৱস্থাৰ প্ৰতি ভাবুকি আৰু এই দিনটো ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ বাবে এটা কলা দিন ।

কেন্দ্ৰৰ এই সিদ্ধান্তক এক অদূৰদৰ্শী, ঠেক মনোবৃত্তিৰ আৰু স্বৈৰাচাৰী সিদ্ধান্ত বুলি অভিহিত কৰি এনে অগণতান্ত্ৰিক সিদ্ধান্তক বাতিল কৰিবলৈ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কয় যে আমি জম্মু-কাশ্মীৰবাসীৰ এই সংকটৰ সময়ত তেওঁলোকৰ লগত আছো বুলি দৃঢ়তাৰে ঘোষণা কৰিছো আৰু কেন্দ্ৰৰ হঠকাৰী সিদ্ধান্তক নিন্দা কৰিছোঁ ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মতে নৰেন্দ্ৰ মোদী , অমিত শ্বাহ নেতৃত্বাধীন বিজেপি, আৰ এছ এছৰ চৰকাৰৰ ওচৰত ভাৰতৰ সংবিধান, ভাৰতীয় গণতন্ত্ৰ আৰু ভাৰতীয় জনগন মুঠেও সুৰক্ষিত নহয়। জম্মু-কাশ্মীৰৰ সাংবিধানিক ৰক্ষা কৱচ সমূলঞ্চে বিনাশ কৰি বিজেপি,আৰ এছ এছ যে সম্পূৰ্ণৰূপে স্বৈৰাচাৰী আৰু গণতন্ত্ৰ বিৰোধী তাকে প্ৰমাণ কৰিলে ।

ইয়াৰোপৰি বিজেপি আৰু আৰ এছ এছ চৰকাৰৰ স্বৈৰাতান্ত্ৰিক কাম-কাজে দেশখনক ইতিহাসৰ সৰ্ববৃহৎ ইতিহাসৰ ৰাজনৈতিক-অৰ্থনৈতিক সংকটৰ দিশত আগবঢ়াই নিছে বুলিও ব্যক্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ সকলো গণতান্ত্ৰিক শক্তি যিয়ে অঞ্চলটোৰ ৰাজ্যসমূহৰ জনগণৰ অধিক আত্মনিয়ন্ত্ৰনৰ অধিকাৰ দাবী কৰা সকলোৱে কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা উচিত বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

ইফালে অসমসহ বিভিন্ন ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ পাছত বিভিন্ন ৰাজ্যই লাভ কৰা সাংবিধানিক সুৰক্ষাকৱচৰ বিভিন্ন অনুচ্ছেদ সংবিধানৰ ৩৭১ এ ৰ পৰা ৩৭১ জি অনুচ্ছেদলৈ, সংবিধানৰ ষষ্ঠ অনুসূচী আৰু জনজাতি তথা পিছপৰা শ্ৰেণীসমূহৰ সংৰক্ষণৰ ওপৰতো আক্ৰমণ হব পাৰে বুলি সকীয়াই দিয়ে সংগঠনটোৱে ।