জনীয়া, সংবাদ ৩৬৫, ৬ আগষ্ট: প্ৰলয়ংকাৰী বানপানীৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত হেজাৰ হেজাৰ বিঘা শালি ধান খেতি পচি যোৱাত কৃষিজীৱি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কলগাছিয়া ৰাজহ চক্ৰৰ বেছি সংখ্যক গাঁওৰ কৃষকে প্ৰথমটো বানপানীৰ পূৰ্বেই ৰুইছিল শালি ধানৰ কঠীয়া।

ইয়াৰোপৰি যিসকলৰ ৰুবলৈ বাকী আছিল তেওঁলোকেও আগতীয়াকৈ কঠীয়া পাৰি ৰুবলৈ সম্পূৰ্ণভাৱে সাজু হৈ উঠিছিল। কিন্তু বেঁকী নৈৰ সংহাৰী বানে তচনছ কৰি থৈ গল কৃষকৰ সপোন। ৰোৱা কঠীয়াৰ ওপৰত বানপানীৰ ফলত বালি আৰু পলশ পৰাত কৃষক সকলৰ কঠীয়া সম্পূৰ্নভাৱে পচি যোৱাৰ পৰিলক্ষিত হৈছে। যাৰ বাবে কৃষক সকলৰ বৃহৎ ক্ষতি হোৱাত তীব্ৰ সংকটৰ সন্মুখীন হৈছে দুৰ্ভগীয়া কৃষক।

সম্প্ৰতি কৃষক সকলে কঠীয়াৰ অভাৱত কৰিব পৰা নাই ধান খেতি। অতি শীঘ্ৰেই যদি চৰকাৰে কঠীয়াৰ যোগান নধৰে তেন্তে বহিঃ জিলা বা বহিঃৰাজ্যত গৈ ঠেলা-ৰিক্সা বা দিন-হাজিৰা কৰি খোৱাৰ বাহিৰে বিকল্প নাই। সেয়ে এইক্ষেত্ৰত চৰকাৰে কৃষকক কঠীয়া যোগান দিয়াৰ লগতে ক্ষতিগ্ৰস্ত কৃষকক অতি সোনকালে ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰিছে কৃষক ৰাইজে।