গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ কেলেংকাৰী। এই কেলেংকাৰী অসম লোকসেৱা আয়োগৰ কেলেংকাৰীতকৈ ডাঙৰ – এই মন্তব্য অখিল গগৈৰ।

মঙলবাৰে বিজেপিয়ে সংবাদমেলৰ জৰিয়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত কোনোধৰণৰ কেলেংকাৰী হোৱা নাই বুলি কোৱা বিষয়টোৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে বুধবাৰে গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰি কয় যে সংবাদমেলৰ জৰিয়তে বিজেপিয়ে বিজেপি তৰফৰ পৰা কেলেংকাৰী হোৱা নাই বুলি কৈ সমগ্ৰ বিষয়টো গাপ দিবলৈ চেষ্টা কৰিছে।

উক্ত বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় যে এফালে চৰকাৰে এনকুৱাৰী গঠন কৰিছে আৰু আনফালে নিযুক্তিত কোনো ধৰণৰ কেলেংকাৰী হোৱা নাই বুলি কৈছে। এই তদন্তৰ কোনো ধৰণৰ সুফল নাপায়।

অসম লোকসেৱা আয়োগৰ কেলেংকাৰীবিলাক ৮০% অসমৰ কৃষক সমাজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বাবেহে তদন্ত হল আৰু ধৰা পৰিল বুলি দাবী কৰে কৃষক নেতা অখিল গগৈয়ে।

আনহাতে সংবাদমেলত তেওঁ জনসংযোগ বিভাগৰ কেলেংকাৰীও ধৰা পেলাম আৰু জাতীয় দায়িত্ব হিচাপে লৈছোঁ বুলিও মন্তব্য কৰে।

বিজেপি চৰকাৰে কয় ২৫ লাখ নিবনুৱাক নিযুক্তি দিব,নিজেও নাখাই ,আনকো খাব নিদিওঁ কিন্তু এই বিজেপি চৰকাৰৰ দিনতেই সৰ্ববৃহৎ কেলেংকাৰী হ’ল। গতিকে এই কেলেংকাৰী গুৰিৰে সৈতে খান্দি পেলোৱাটোৱে কৰ্তব্য।

সংবাদমেলত তেওঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পোৱা প্ৰাৰ্থীসকলৰ দুটামানৰ উদাহৰণ দি কয় যে বৰপেটা শ্ৰীমন্তপুৰৰ দীপাংকৰ দাস,কৃষ্ণ বায়ন দাস, পাঠশালাৰ মৃদুলা ডেকা আৰু পম্পী ডেকা এই ৪ জন লোকে একেটা বিভাগতে নিযুক্তি লাভ কৰিছে। আনহাতে, ঢকুৱাখানা সমষ্টিত মন্ত্ৰী নৱ কুমাৰ দলেৰ আত্মীয় তথা বিজেপিৰ মানুহেই নিযুক্তি লাভ কৰিছে।

বিজেপি চৰকাৰে এনেকুৱাধৰণৰ পৰীক্ষা পাতিলে যত নিকি কেৱল মন্ত্ৰীৰ আত্মীয় বা বিজেপিৰ সদস্যসকলেহে পাছ কৰিলে। আন কোনেও নকৰিলে। আনহাতে এই নিযুক্তিত অগপৰ সৰ্বোচ্চ পদধাৰী আছে।অগপ নেতাও এই নিযুক্তি লাভ কৰিছে বুলি সংবাদমেলত মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে।