গুৱাহাটী, সংবাদ৩৬৫, ৫ মাৰ্চ : ছয় জাতিৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে বুধবাৰে এখন সংবাদমেলৰ আয়োজন কৰে।

সংবাদ মেলত অখিল গগৈয়ে কয় যে ছয় জাতিৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ বিধেয়কো হৈছিল ।বিধেয়ক বিৰোধী আন্দোলনৰ সময়ত‌ই ৬ নং দফাৰ সমিতিও গঠন কৰা হৈছিল।
সাংবিধানিক ৰক্ষা কবজ কত গ’ল এতিয়া সেই সাংবিধানিক ৰক্ষা কৱচ ক’ত গ’ল। এই বিষয়ে এতিয়া নিশ্চুপ চৰকাৰ । আন্দোলনকাৰী সকলো মনে মনে বহি আছে।

৮ তাৰিখে নিৰ্বাচনৰ আচৰণবিধি বলবত হ’ব। এই তিনিটা দিনৰ ভিতৰত সিদ্ধান্ত লাগে আৰু কাইলৈ অৰ্থাৎ বুধবাৰে কেবিনেটত অধ্যাদেশ জাৰি কৰা হ‌ওক আৰু অসম চুক্তিৰ সাংবিধানিক সুৰক্ষা কৱচ দিবৰ বাবে সিদ্ধান্ত লোৱা হওঁক।

সংবাদমেলত কৃষক নেতা গৰাকীয়ে কয় যে বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি এতিয়া ফুটুকাৰ ফেন। হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল ১৫ ফেব্ৰুৱাৰীত ছয় জাতিৰ জনজাতি কৰণ হব কিন্তু এতিয়ালৈকে প্রতিবেদন নিদিলে । ৮ মাৰ্চৰ ভিতৰত বিজেপি চৰকাৰে ছয় জাতিৰ জনজাতিকৰণ আৰু ৬ নং দফা কাৰ্যকৰীকৰণ কৰিব নোৱাৰে।

আনহাতে,১৯ এপ্ৰিল ২০১৪ চনত বঙাইগাঁওত ৰাজহুৱাভাৱে নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল বিজেপি চৰকাৰ আহিলে ছয় জাতিৰ জনজাতিকৰণ হবই। কিন্তু অহা ৮ মাৰ্চৰ পৰা নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল শেষ হ’ব। এতিয়া তেওঁক মিছলীয়া বুলি কমনে? এনেদৰেও মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে।

বিজেপিৰ প্ৰতিশ্ৰুতি লোকসভা নিৰ্বাচনৰ আগত আৰু বিধানসভা নিৰ্বাচনৰ আগত ফুলজাৰি আছিল। অসমৰ আটাইতকৈ দক্ষ, সুদক্ষ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংবিধান বিৰোধী আৰু আইন বিৰোধী।

প্ৰতিটো বিৰোধী দলৰ পৰাই প্ৰতিশ্ৰুতি লোৱা হৈছিল ছয় জাতিৰ জনজাতিকৰণৰ বাবে।কাইলৈ অধ্যাদেশ জাৰি কৰা হ‌ওক।
যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ একতা ভাঙিবৰ বাবেই আছিল সেই সময়ৰ প্ৰতিশ্ৰুতি কিন্তুএতিয়াটো আন্দোলন নাই।এতিয়া কিয় অসম চুক্তি কাৰ্যকৰী কৰিব পৰা নাই, জনজাতি কৰণ কৰিব পৰা নাই? এনেদৰে সংবাদমেলত ক্ষোভ উজাৰে অখিল গগৈয়ে।

৩৭১ – এ অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় কেবিনেটত বিষয়টো উত্থাপন হ‌ওক।এইয়া কেৱল ৰাজনৈতিক টোপ হ’লে নহব।নৰেন্দ্ৰ মোদীয়ে ৰামঠগন দিলে অসমীয়া জাতিক। এই ক্ষেত্ৰত ছয় জাতিৰ সকলো নেতৃত্ব‌ই সবল ভূমিকা গ্ৰহণ কৰিব লাগিব।

হিমন্ত বিশ্বৰ কথা সংবিধান বিৰোধী আৰু আইন বিৰোধী কথা আটাইতকৈ বেছি সৈনিক মৃত্যু হৈছে বিজেপিৰ দিনত।
হিমন্ত বিশ্বই হিন্দু আৰু মুছলমানক লৈ নিকৃষ্ট ৰাজনীতি খেলিছে।তেওঁক গ্ৰেপ্তাৰ কৰাৰ অত্যন্ত প্ৰয়োজন।