গুৱাহাটী, সংবাদ৩৬৫, ৫ মাৰ্চ : মঙ্গলবাৰে বেংক,বীমা,প্ৰতিৰক্ষা, বিদ্যুৎ,কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ্মচাৰী আৰু সংগঠিত আৰু অসংগঠিত শ্ৰমিকৰ এটা দলে লক্ষ্মীধৰ বৰা ক্ষেত্ৰত সমবেত হৈ জে চি টি ইউ অসমৰ নেতৃত্বত এক প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰে।

উক্ত প্ৰতিবাদটোত ৬ তা বিমানবন্দৰ ব্যক্তিগতকৰণ বাতিল কৰিবলৈ আৰু চুলাই মদৰ ব্যৱসায় নিষিদ্ধ কৰিবলৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ গুৱাহাটী মহানগৰ উপায়ুক্তৰ যোগেদি স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

গুৱাহাটী বিমানবন্দৰকে ধৰি দেশৰ আন ৫ তা গুৰুত্বপূৰ্ণ বিমানবন্দৰ মোডী চৰকাৰৰ অতিকৈ ঘনিষ্ঠ ব্যক্তিগত কৰ্পৰেট গোষ্ঠী আদানীৰ গ্ৰুপক ৫০ বছৰৰ বাবে বিক্ৰী কৰিব খোজা চৰকাৰী সিদ্ধান্তক জে চি টি ইউ অসমে তীব্ৰ বিৰোধিতা কৰে।

তেওঁলোকে কয় যে বিমানবন্দৰ কতৃপক্ষই যোৱা দহ বছৰত হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি এই বিমানবন্দৰ সমূহ অত্যাধুনিকভাৱে সজাই লৈছিল। এই অৱস্থাত প্ৰস্তাৱিত ব্যক্তিগতকৰণৰ মাজেদি বিমানবন্দৰ সমূহৰ পৰা হব লগা লাভ্যাংশ সম্পূৰ্ণৰূপে ব্যক্তিগত প্ৰতিস্থানটোৰ পকেটস্থ হব। ই নিঃসন্দেহে এটা জাতীয় স্বাৰ্থ পৰিপন্থী পদক্ষেপ। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ দ্বাৰা অসমৰ দৰে ৰাজ্যৰ ক্ষতিগ্ৰস্ত হব।

ইয়াৰোপৰি,অসমৰ লাভজনক তৈলক্ষেত্ৰসমূহো ব্যক্তিগত মালিকলৈ হস্তান্তৰৰ মাজেদি অসমৰ স্বাৰ্থত মোক্ষম আঘাত হানি থৈছে।

আনহাতে ২২ ফেব্ৰুৱাৰীত গোলাঘাট আৰু যোৰহাট জিলাৰ চাহ বাগিচাত চুলাই মদ সেৱণৰ ফলত শতাধিক লোক মৃত্যু হোৱা ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে প্ৰতিবাদী দলটোৱে।

সংবাদ মাধ্যমৰ আগত তেওঁলোকে কয় যে অবৈধ ভাৱে চুলাই মদ বিক্ৰীৰ মাজেদি নিজৰ নিজৰ ভোট বেংক অক্ষত ৰখাটোৱে বৰ্তমান শাসকগোষ্ঠীৰ নগ্ন চৰিত্ৰ।

তেওঁলোকে আৰু কয় যে বিজেপিয়েই হওক বা কংগ্ৰেছেই হওক দুয়ো দলেই বাগিচাৰ অশিক্ষিত শ্ৰমিকসকলক সস্তীয়া মদেৰে প্ৰকৃত সমস্যাৰ পৰা আঁতৰত ৰাখি আহিছে। আবকাৰী বিভাগে পুলিচ প্ৰশাসন আৰু সাধাৰণ প্ৰশাসনৰ উপস্থিতত অবৈধ ব্যৱসায়ী বিলাকে যিধৰণে চুলাই মদৰ বৃহৎ চোৰাং ব্যৱসায়ৰ সাম্ৰাজ্য গঢ়ি তুলিছে ই কোনো কাৰণতে গ্ৰহণ যোগ্য হ’ব নোৱাৰে।

জে চি টি ইউ অসমে এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো ধৰণৰ চুলাই মদৰ ব্যৱসায় অতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়।