আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৩ জুলাই

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শনিবাৰে পুৱাই পৰিদৰ্শন কৰে সমষ্টিটোৰ বহু কেইটা ঐতিহাসিক স্থান তথা কৃৰ্তীচিহ্ন। শিৱসাগৰৰ বিধায়ক গৰাকীয়ে পৰিদৰ্শন কৰে ঐতিহাসিক জয়সাগৰ পুখুৰী। জয়সাগৰ পুখুৰীৰ পাৰত উপস্থিত হৈ তাত থকা জয় দৌল, দেৱী দৌল, ঘনশ্যাম মন্দিৰ আৰু ৰুদ্ৰ সিংহ উদ্যান পৰিদৰ্শন কৰে অখিল গগৈয়ে।

জয়সাগৰ পুখুৰী পাৰৰ কৃৰ্তীচিহ্ন পৰিদৰ্শন কৰাৰ পিছত বিধায়ক অখিল গগৈ উপস্থিত হয় জয়মতী মৈদাম, হৰ গৌৰী দেৱালয়ত। বিধায়ক গৰাকীয়ে পৰিদৰ্শন কৰে ঐতিহাসিক তলাতল ঘৰ। ইয়াৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে পুৱাই ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত প্ৰাতঃ ভ্ৰমণ কৰি পুখুৰীৰ পাৰ, ঐতিহাসিক শিৱ দৌল চৌহদ আৰু যমুনা পৰিদৰ্শন কৰি বৰ্তমানৰ অবস্থাৰ বুজ লয়। অখিল গগৈয়ে দিখৌ নদীৰ ওপৰত থকা কঁপিকলযুক্ত দলং খনৰো বৰ্তমান অৱস্থাৰ বুজ লয়।

এই পৰিদৰ্শন কালত ঐতিহাসিক স্থান সমূহৰ বেদখল প্ৰত্যক্ষ কৰি উদ্বিগ্ন হৈ পৰে বিধায়ক গৰাকী।ঐতিহাসিক সম্পদ সমূহ জহিখহি যোৱা বুলি দুখ প্ৰকাশ কৰে অখিল গগৈয়ে। কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অধীনত থকাৰ পিছতো তলাতল ঘৰৰ দেৱালয় ভাঙি অবৈধভাৱে মানুহ কেনেকৈ যাবলৈ সক্ষম হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়ক গৰাকীয়ে।