ডিব্ৰুগড়
৩ জুলাই

শনিবাৰে ডিব্ৰুগড় জিলাত পৰিৱেশ ও বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই তেওঁৰ অধীনৰ তিনিটা বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। পৰিৱেশ আৰু বন বিভাগৰ কাৰ্যসমূহৰ বিষয়ে বুজ লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পূৰ্বীয় মণ্ডলৰ প্ৰধান বন সংৰক্ষক, বন সংমণ্ডল বিষয়া আৰু অন্য বিষয়াবৰ্গক বনাঞ্চলসমূহ অবৈধ দখলীকৰণ মুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে জিলাখনৰ ১০,৯৬৭ হেক্টৰ অঞ্চল আগুৰি থকা পাঁচখন সংৰক্ষিত বনাঞ্চলৰ মুঠ ১,৪৪৫ হেক্টৰ ভূমি বৰ্তমান অবৈধভাৱে দখল কৰা আছে। বিভাগে ইতিমধ্যে নিকটৱৰ্তী তিনিখন ট্ৰাইবেল গাঁৱত ভূমি পট্টা প্ৰদান কৰিছে আৰু তিনিখন অন্য গাঁৱত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসন আৰু বন বিভাগৰ বিষয়াসকলক লাইকাৰ পৰা স্থানান্তৰিত হোৱা ট্ৰাইবেল মানুহখিনিক চিনাক্ত কৰা উপযুক্ত বিকল্প স্থানত সংস্থাপিত কৰাৰ ক্ষেত্ৰত আলোচনাৰ মাজেৰে আগবাঢ়িবলৈ নিৰ্দেশ দিয়ে। তেওঁ প্ৰকাশ কৰে যে ট্ৰাইবেল ব্যক্তিসকলৰ পুন:সংস্থাপনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে ভূমি অধিকাৰ আইন অনুযায়ী মীমাংসা কৰিব লাগিব। বনাঞ্চল নিৰ্মূল ৰোধ কৰাৰ বাবে সংৰক্ষিত বনাঞ্চলত গছ বগৰোৱা বন্ধ কৰাবলৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিৰ্দেশ দিয়ে। লগতে সেউজ ডিব্ৰুগড় প্ৰচেষ্টাৰ অধীনত জিলাখনৰ সেউজ আচ্ছাদন বঢ়াবলৈ বিশাল বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰিবলৈও নিৰ্দেশ দিয়ে।

মন্ত্ৰী গৰাকীয়ে জৈৱ-বৈচিত্ৰৰে চহকী জকাই সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যিহেতু এই বনাঞ্চলে জিলাখনক বিশুদ্ধ অক্সিজেন প্ৰদান কৰে।
কেম্পা প্ৰকল্পৰ অধীনত জিলাখনত অধিক বৃক্ষৰোপণ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে। ইতিমধ্যে ৫৪,০০০ টা গছপুলি ৰোপণ কৰা হৈছে আৰু ১ লাখ গছপুলি ৰোপণৰ বাবে নাৰ্ছাৰীসমূহত গছপুলি সাজু কৰা হৈছে। গছপুলি সমূহৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে ডি এম এফ টি অধীনৰ পুঁজি মোকলাই ট্ৰী গাৰ্ড ক্ৰয় কৰিবলৈ মন্ত্রী পৰিমল শুক্লবৈদ্যই জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাক অনুৰোধ জনায়।

জিলাখনৰ হাতী-মানুহৰ সংঘাতৰ বিষয়ে বন বিভাগৰ কৰ্তৃপক্ষই মন্ত্ৰীক অৱগত কৰে যে এই ধৰণৰ ঘটনা খোৱাং ৰেঞ্জত বেছিকৈ হোৱা পৰিলক্ষিত হৈছে। মন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে বন্যপ্ৰাণীৰ সৈতে সংঘাতত প্ৰাণ নাশ হোৱা ব্যক্তিৰ নিকট আত্মীয়লৈ সাহায্য আৰু খেতিপথাৰ ক্ষতিগ্ৰস্ত হোৱা ব্যক্তিলৈ ক্ষতিপূৰণ প্ৰদান কৰা প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰিছে। “পূৰ্বৰ নিচিনাকৈ এতিয়া এই ক্ষেত্ৰত বিত্ত বিভাগৰ পৰা অনুমতি গ্ৰহণ কৰাৰ কোনো প্ৰয়োজন নাই। বন সংমণ্ডল বিষয়াৰ প্ৰতিবেদন অনুযায়ী মুখ্য বন সংৰক্ষকে অতি কম সময়ত এই ধন মুকলি কৰি দিব,“ মন্ত্ৰী গৰাকীয়ে সদৰী কৰে। মন্ত্ৰী গৰাকীয়ে বিভাগক ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ অধিক মহলৰ ব্যৱস্থা কৰিবলৈ কয়।

তেওঁ বিষয়াসকলক মাইনিং অঞ্চলৰ বাহিৰত বালি জমা কৰি ৰখা সকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। অবৈধভাৱে চলি থকা কাঠ কটা মিলসমূহৰ ক্ষেত্ৰতো কঠোৰ পদক্ষেপ ল’বলৈ বিভাগক আদেশ দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। আবকাৰী বিভাগৰ সাময়িক অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিষয়াসকলক অৰুণাচল প্ৰদেশৰ পৰা সৰবৰাহ হোৱা অবৈধ সুৰা আৰু চুলাই মদৰ প্ৰচলন বন্ধ কৰিবলৈ তীব্ৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়ে। বিভাগীয় বিষয়াই মন্ত্ৰীক অৱগত কৰে যে অৰুণাচল প্ৰদেশৰ পৰা সৰবৰাহ হোৱা ৯,০০০ টা কাৰ্টনত ৮৬,০০০ লিটাৰ আৰু ভুৱা লেবেল থকা ১২,০০০ লিটাৰ সুৰা জব্দ কৰা হৈছে। লগতে জিলাখনত ৫৭,০০০ লিটাৰ চুলাই মদ জব্দ কৰি ধ্বংস কৰা হৈছে।

যিহেতু সাধাৰণতে অৰুণাচল প্ৰদেশৰ পৰা অবৈধ সুৰা বগীবিল দলঙেৰে পাৰ কৰা হয়, সেইবাবে মন্ত্ৰী গৰাকীয়ে বিষয়াসকলক এক কেম্প স্থাপন কৰি দিনৰ ২৪ ঘণ্টাই সক্ৰিয়ভাৱে পৰিদৰ্শক আৰু সহকাৰী পৰিদৰ্শকৰ দ্বাৰা চুবুৰীয়া ৰাজ্যৰ পৰা সুৰা কঢ়িয়াই অনা বাহনসমূহত চকু ৰাখিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লগতে মীন বিভাগৰ প্ৰধানমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা, ঘৰে ঘৰে মাছ ঘৰে ঘৰে পুখুৰী আদি আঁচনিৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়। ঘৰে ঘৰে মাছ ঘৰে ঘৰে পুখুৰী আঁচনিৰ অধীনত ২৪০ টা পুখুৰী নিৰ্মাণ কৰা হৈছে। মন্ত্ৰী গৰাকীয়ে যিসকল ব্যক্তিয়ে ঋণ গ্ৰহণ কৰিও বছৰ বছৰ জুৰি টকাৰ সদ ব্যৱহাৰ কৰা নাই, তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগা মাছৰ খাদ্য প্ৰস্তুত কৰা মিলৰ নিৰ্মাণ কাৰ্য অবাবত পিছ পৰি থকা বাবে বিভাগক এই চুক্তি বাতিল কৰিবলৈ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে। উপায়ুক্ত ঝা ৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক তেৰছ গোৱালা, প্ৰশান্ত ফুকন, তৰংগ গগৈ, আৰক্ষী অধীক্ষক এছ মিশ্ৰা আৰু তিনিওটা বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে।