বোকাখাত : ইংৰাজী ছাৰৰ মেছেজত উত্তপ্ত বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়। ইংৰাজী বিভাগৰ প্ৰবক্তা আফতাফিজুৰ ৰহমানে মহাবিদ্যালয়খনৰ ছাত্ৰীলৈ প্ৰেৰণ কৰিছিল মেছেজ। ছাত্ৰীলৈ যৌনগন্ধী মেছেজ প্ৰেৰণ কৰা ইংৰাজী বিভাগৰ প্ৰবক্তা আফতাফিজুৰ ৰহমানৰ বিৰুদ্ধে ওলাই আহিছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল।

গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে এজন প্ৰবক্তাই। বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা আফতাফিজুৰ ৰহমানৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰু-শিষ্যৰ সম্পৰ্ক কলংকিত কৰাৰ অভিযোগ। আফতাফিজুৰ ৰহমানে মহাবিদ্যালয়খনৰ ছাত্ৰীক যৌনগন্ধী মেছেজ প্ৰেৰণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ এগৰাকী ছত্ৰীয়ে।

এগৰাকী দ্বাদশ শ্ৰেণীৰ ছত্ৰীক আফতাফিজুৰ ৰহমানে যৌনগন্ধী মেছেজ প্ৰেৰণ কৰাৰ লগতে ছত্ৰী গৰাকীক বাহিৰলৈ ফুৰিবলৈ যোৱাৰ প্ৰস্তাৱ দিছিল বুলি ছাত্ৰী গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে। ইংৰাজী বিভাগৰ প্ৰবক্তা গৰাকীৰ যৌনগন্ধী মেছেজ সম্পৰ্কৰ ছত্ৰী গৰাকীয়ে প্ৰথমে সহপাঠীক অৱগত কৰিছিল। ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

ভুক্তভোগী ছাত্ৰী গৰাকীয়ে প্ৰমাণসহ অভিযোগ উত্থাপন কৰাৰ পিছতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী কোঠা বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আফতাফিজুৰ ৰহমানৰ বিৰুদ্ধে ভুক্তভোগী ছাত্ৰী গৰাকীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ ওচৰত লিখিত অভিযোগ দাখিল কৰি উচিত তদন্তৰ দাবী জনাইছে।