গুৱাহাটী : মালিগাঁৱৰ নৈশ চকীদাৰ তৰুণ ডেকাৰ হত্যাকাৰী গ্ৰেপ্তাৰ। কোচবেহাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নৈশ চকীদাৰ তৰুণ ডেকাৰ হত্যাকাৰীক। কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰা হৈছিল মালিগাঁৱৰ বিপুল কমপ্লেক্সৰ নৈশ চকীদাৰ তৰুণ ডেকাক।

মহানগৰী আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল নৈশ চকীদাৰ তৰুণ ডেকাৰ হত্যাকাৰীক। বিগত প্ৰায় ১৭ দিন ধৰি অভিযান চলাই মহানগৰী আৰক্ষীয়ে এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। মহানগৰী আৰক্ষীয়ে কোচবেহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে তৰুণ ডেকাৰ হত্যাকাৰী বিকী চাহানীক।

বিকী চাহানীয়ে অতি নৃশংসভাৱে কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই
মালিগাঁৱৰ বিপুল কমপ্লেক্সৰ নৈশ চকীদাৰ তৰুণ ডেকাক হত্যা কৰিছিল। যোৱা ৫ নৱেম্বৰৰ নিশা বিকী চাহানীয়ে সংঘটিত কৰিছিল এই হত্যাকাণ্ডৰ ঘটনা। হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত।