গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুন : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াৰ যুটীয়া সংবাদমেল । ২১ জুনৰ পৰা হ’বলগীয়া শক্তিপীঠ মা কামাখ্যাৰ অম্বুবাচী মেলাৰ সন্দৰ্ভত আয়োজন কৰা হয় সংবাদমেলৰ।

সংবাদমেলত জানিবলৈ দিয়া অনুসৰি অম্বুবাচী মেলাত মুঠ ৬টা ভক্তৰ শিবিৰ পতা হব। ইয়াৰে তিনিটা থাকিব ফাঁচী বজাৰ পুৰণি জেইল চৌহদত , পাণ্ডুত এটা , বৰিপাৰা তৰুণ সংঘত এটা আৰু কামাখ্যাৰ সমীপৰ নাহৰ বাৰীত এটা। ৪০হাজাৰ ভক্তৰ বাবে ২৯ টা ভাণ্ডাৰক খাদ্য যোগানৰ ব্যৱস্থা কৰিবলৈ দিয়া হ’ব । ৪০ টা পানীৰ ভাণ্ডাৰো থাকিব । ইয়াত ব্যক্তিগত ভাণ্ডাৰাৰ অনুমতি দিয়া হোৱা নাই ।

ইয়াৰোপৰি ভক্তসকলক অনা-নিয়া কৰিবলৈ জিলা পৰিবহনৰ ৮০ খন গাড়ীৰ ব্যৱস্থা কৰা হব । কামাখ্যা ৰেল ষ্টেচন আৰু কামাখ্যাৰ মূল গেটত থাকিব তথ্য সংগ্ৰহৰ কেন্দ্ৰ । চাইল্ড লাইনৰো বিশেষ কেন্দ্ৰ থাকিব । বৃদ্ধা, বিশেষভাৱে সক্ষম, অসুস্থ মহিলাৰ বাবে থাকিব ফেৰী কাৰ । ইয়াৰ বাবে মুঠ ৪০ খন ফেৰী কাৰৰ ব্যৱস্থা কৰা হৈছে ।

উক্ত সংবাদমেলতে যানবাহন শাখাৰ উপ আৰক্ষী প্ৰশান্ত শইকীয়াই জানিবলৈ দিয়ে যে ডিজি, এমজি ৰোডত বাছৰ চলাচল চাৰিদিনৰ বাবে নিষিদ্ধ হ’ব। জালুকবাৰীৰ পৰা যাব লাগিব আই এছ বি টিলৈ । নিষিদ্ধ হব জালুকবাৰীৰ পৰা ভৰলুমুখলৈ যিকোনো সামগ্ৰী কঢ়িওৱা গাড়ী । কামাখ্যা নাৰ্ছাৰীৰ পৰা কামাখ্যা ধামলৈ যাবলৈ দিয়া নহ’ব কোনো বাহন । বিমানবন্দৰলৈ যোৱা বাহনসমূহকো অন্য পথেৰে যাবলৈ অনুৰোধ উপ আৰক্ষী আয়ুক্তৰ। স্থানীয় ৰাইজৰ বাবে ১০ খন ফেৰী কাৰৰ ব্যৱস্থা কৰিব কামাখ্যা দেৱালয়ে। ভৰলুমুখৰ পৰা মালিগাঁওলৈ কোনো পাৰ্কিংৰ ব্যৱস্থা নহ’ব । মুঠ ২৫০ জন যানবাহন আৰক্ষী থাকিব ডি জি ৰোডত।

সংবাদমেলতে ২১ জুনত যোগ দিৱস উপলক্ষে সৰুসজাইত হ’বলগীয়া কাৰ্যসূচীৰ বিষয়েও জানিবলৈ দিয়ে । ২১ তাৰিখে ৰাতিপুৱা ৬ বজাৰ পৰা সৰুসজাইত প্ৰধানমন্ত্ৰীৰ পোনপটীয়া অনুষ্ঠান সম্প্ৰচাৰিত হ’ব। ৮ হাজাৰ লোকৰে সমাবেশ হব লগীয়া এই যোগ দিৱসত পুৱা ৭ বজাত যোগ কৰা হব। এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে জিলা প্ৰশাসন, আৰ্ট অৱ লিভিং, পুলিচ প্ৰশাসনৰ লোক। স্বাস্থ্য বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনাৰ কথাও সংবাদ মেলত জানিবলৈ দিয়ে জিলা উপায়ুক্তই ।