কামৰূপ, সংবাদ ৩৬৫, ২০ জুন : অসমতে অসম চৰকাৰে নিৰ্মান কৰিব নোৱাৰে পথ-দলং । অসম চৰকাৰৰ নিৰ্মানকাৰ্য বন্ধ কৰি থৈছে মেঘালয়ে । সীমা সংঘাত আজিৰ নহয় বহুদিন পূৰ্বৰে কিন্তু এতিয়া পথ নিৰ্মাণক লৈ অসম মেঘালয় সীমান্তত সৃষ্টি হৈছে উত্তেজনা ।

অসম চৰকাৰৰ পথ নিৰ্মাণত মেঘালয়ৰ নাগৰিকৰ বাধা । কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী ভালাখোৱা গাঁৱত আজি দীৰ্ঘ দিনৰ পৰাই সীমা বিবাদক লৈ চলি আহিছে উত্তেজনা । অসমৰ প্ৰায় ৯খন গাঁওক সাঙুৰিব বিছাৰিছে মেঘালয়ত । প্ৰায় ৯খন গাওৰ লোকক লৈ নিৰ্মান হোৱা এখন দলংৰ নিৰ্মানকাৰ্য বন্ধ কৰি থৈছে এজন বিতৰ্কিত লোকে । ইয়াৰে মূল খলনায়ক হৈছে মাইকেল ৱাজীৰী নামৰ এজন মেঘালয়ৰ লোক । ৭৮বছৰীয়া এই ব্যক্তি জনে বিভিন্ন সময়ত অসমৰ বাসিন্দা সকলক নানা ধৰণৰ ভয় ভাবুকি দি আহিছিল ।

অসম-মেঘালয় সীমান্তৱৰ্তী অসমত যিকোনো উন্নয়ন কাম কৰিলেই মাইকেল ৱাজীৰী নামৰ লোকজনে ধন দাবী কৰাৰ লগতে আনকি পথচাৰী সকলোৰে পৰা দাবী ধমকি দি টকা ও সংগ্ৰহ কৰি আহিছিল । পথটিত ব্যৱহাৰ হোৱা শিল বালি অন্য এটি পথেৰে নিবলগা হৈছিল আৰু এই পথটিৰ আধা অংশ মেঘালয়ৰ অন্তৰ্ভুক্ত হোৱা বাবে মাইকেল ৱাজীৰী নামৰ ব্যক্তি জনে পথ নিৰ্মান কৰি থকা ঠিকাদাৰ যান বাহন আদিৰ পৰা বলপূৰ্বক টকা সংগ্ৰহ কৰাকলৈ অসমৰ বাসিন্দা সকলে ক্ষুব্ধ হৈ মাইকেল আৰু অসমৰ নাগৰিকৰ মাজত তৰ্কযুদ্ধ লিপ্ত হয় । আৰু মাইকেলৰ ঘৰ লণ্ডভণ্ড কৰিছিল ।

ইয়াকে লৈ সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হয় । উত্তেজনা ইমান বৃদ্ধি হয় যে মাইকেল নামৰ ব্যক্তি জনে অসমৰ বহু কেইজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৱাজীৰীৰ এজাহাৰৰ ভিত্তিত মেঘালয় আৰক্ষীয়ে অসমৰ ৩ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰিছে । লগতে মাইকেল ৱাজীৰীয়ে মেঘালয় উচ্চ ন্যায়ালয়ত এক অভিযোগ দাখিল কৰি বন্ধ কৰি থৈছে সকলো কামকাজ । যাৰ ফলত অতি জীয়াতু ভুগিছে গাওৰলোকসকল কিয়নো দলংখনৰ বাবে গাওঁকেইখনলৈ নাযায় এম্বুলেঞ্চ ।

এই ঘটনাৰ বুজ লৈ অঞ্চলবাসী ৰাইজক শান্তি-সম্প্ৰতি বজাই ৰাখিবলৈ অাহ্বান জনাই পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । ইয়াকে লৈ আজি এখন ৰাজহুৱা সভা অনুস্থিত কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই ।

উল্লেখ্য যে ঘটনা সন্দৰ্ভত মেঘালয়ৰ বহু উচ্চ পদস্থ বিষয়াৰ লগতে মন্ত্ৰী,বিধায়ক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই পৰিস্থিতিৰ বুজ লৈ সকলো পৰিদৰ্শন কৰে কিন্তু বৰ্তমানলৈ ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ বাহিৰে অসমৰ কোনো মন্ত্ৰী,বিধায়কৰ লগতে বিশেষ কোনো উচ্চ পদস্থ বিষয়াই ঘটনাৰ বুজ লোৱা নাই ।

আনহাতে স্থানীয় লোকে জীয়াতু ভুগি থকা এই পথতো অতিসীঘ্ৰে মোকলাই দিয়াৰ হুংকাৰ দিছে মেঘালয়ক । কিয়নো বহু সময়ত গৰ্ভৱতী মহিলাই অধিক জীয়াতু ভুগিছে এই পথচোৱাত । যদিহে চৰকাৰে ঘটনাটোক বিশেষ কোনো গুৰুত্ব নিদিয়ে সৃষ্টি হ’ব পাৰে এক উত্তাল পৰিৱেশ ।