আজিজুল হক

বৰপেটা : অসমৰ অন্যতম আগশাৰীৰ অসমীয়া দৈনিক বাতৰি কাকত গণ অধিকাৰ কাকতৰ “গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ পৰিচালনাত বৰপেটাত শীঘ্ৰে মুকলি হোৱাৰ দিশে এম্বুলেন্স সেৱা। সমাজৰ শোষিত, বঞ্চিত শ্ৰেণীৰ পক্ষত সকলো সময়তে থিয় হোৱা গণ অধিকাৰ কাকত গোষ্ঠীয়ে এইবাৰ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ পৰিকল্পনা হাতত লৈছে। আৰ্থিক অনাটনত ভোগা লোকক স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সকাহ দিবলৈ কাকত গোষ্ঠীয়ে এইবাৰ গ্ৰহণ কৰা পৰিকল্পনাৰ অন্যতম পদক্ষেপ হিচাপে এম্বুলেন্স সেৱা প্ৰদান কৰি বৰপেটা জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়লৈ ৰোগী অনা নিয়া কৰাৰ ব্যৱস্থা কৰিব।

সেই উপলক্ষে বৃহস্পতিবাৰে গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ সম্পাদক ছাহজাহান তালুকদাৰ, সদস্য দেৱান নজৰুল কাদেৰ, সদস্য তথা বৰপেটাৰ সাংবাদিক পুলেন্দ্ৰ দাস, ভেল্লাৰ সাংবাদিক আজিজুল হক, মৌচম নাজিম, বৰপেটাৰ ৰমজান আলীয়ে বৰপেটা জিলা উপায়ুক্ত কাৰ্যলয়ৰ জ্যেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন দাসৰ হাতত এম্বুলেন্স আৱন্টনৰ পত্ৰ প্ৰদান কৰে। এই ক্ষেত্ৰত বিষয়া গৰাকীয়ে ইতিবাচক সঁহাৰি প্ৰদান কৰে। অতি শীঘ্ৰে গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ এই এম্বুলেন্স সেৱা ৰাইজৰ মাজত উপলব্ধ হ’ব। ৰাইজে এম্বুলেন্স সেৱাৰ সৈতে জড়িত লোকৰ কেইটামান নম্বৰত যোগাযোগ কৰি এই সেৱা লাভ কৰিব পাৰিব। সামাজিক দ্বায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যায়ক্ৰমে এই এম্বুলেন্স সেৱাৰ পৰিসৰ বৃদ্ধি কৰা হ’ব বুলি সম্পাদক ছাহজাহান তালুকদাৰে জানিবলৈ দিয়ে।

গণ অধিকাৰ কাকত গোষ্ঠীয়ে লোৱা এই পদক্ষেপৰ জড়িয়তে স্বাস্থ্যৰ ক্ষেত্ৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোক উপকৃত হ’ব বুলি সাংবাদিক পুলেন্দ্ৰ দাস, আজিজুল হক আৰু ৰমজান আলীয়ে আশা ব্যক্ত কৰে। ইয়াৰ জড়িয়তে যাতে ৰাইজৰ উন্নত চিকিৎসা লাভ কৰাৰ ক্ষেত্ৰত সহায় হয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ আহ্বান জনোৱাৰ লগতে গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ এই পদক্ষেপ আদৰ্শনীয় বুলিও ব্যক্ত কৰে। উল্লেখ্য যে, উক্ত এম্বুলেন্সখন বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ জৰিয়তে আৱন্টন দিয়া হৈছে। এই ক্ষেত্ৰত সাংসদ গৰাকীৰ ভূমিকাৰ সলাগ লয় সচেতন মহলে।