আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমানৰ হাজৰিকা

শিৱসাগৰ : সান্ধ্য আইনৰ মাজতে মাজ নিশালৈকে চলে জুৱা খেল। জুৱাৰ ঘটিত উপস্থিত হ’ল শিৱসাগৰ আৰক্ষী। আৰক্ষীৰ জালত পৰিল চাৰিজনকৈ জুৱাৰী।

বৃহস্পতিবাৰে নিশা শিৱসাগৰ সদৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ধাইআলিত বৃহৎ জুৱাৰ ঘটি উৎখাত কৰে। আৰক্ষীয়ে অভিযান কালত নগদ ধন, জুৱাৰ সামগ্ৰীসহ চাৰিজনকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইজন হৈছে ক্ৰমে আমিৰ হুচেইন, নুৰ ইছলাম, নিজামুদ্দিন আৰু ৰাজু সিং। ইয়াৰে নিজামুদ্দিনৰ ঘৰ নগাঁৱত বুলি আৰক্ষীয়ে সদৰি কৰিছে।