গুৱাহাটী, সংবাদ ৩৬৫, ১৬ মাৰ্চ: মহিলাক অপহৰণ কৰি দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সভাপতি অমিতাভ শৰ্মা । দলীয় কাম কাজৰ অজুহাতত এগৰাকী মহিলাক প্ৰলোভনৰে নেপাললৈ নি নিৰ্যাতন চলোৱা আৰু দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল অমিতাভ শৰ্মাক ।

জানিব পৰা অনুসৰি, ৫ মাহ পূৰ্বে কাকীৰ এগৰাকী মহিলাই ফেচবুক যোগে চিনাকী হৈছিল খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সভাপতি অমিতাভ শৰ্মাৰ সৈতে । তাৰ পিছৰে পৰা লাহে লাহে দুয়োৰে মাজত কথা বতৰা বাঢ়ি গৈছিল । যোৱা ২৪ জানুৱাৰীত সভাপতি গৰাকীয়ে গুৱাহাটীৰ এখন দলীয় সভাত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ জনাইছিল মহিলা গৰাকীক । সেই উদ্দেশ্যে মহিলা গৰাকী সভাত অংশ গ্ৰহণৰ বাবে ৰাওনা হৈছিল গুৱাহাটীলৈ । পাছত গুৱাহাটীত অমিতাভ শৰ্মাই মহিলা গৰাকীক দলীয় কাম কাজৰ দোহাই দি কৌশলৰে নেপাললৈ নি নিৰ্যাতন চলোৱাৰ লগতে দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে অমিতাভ শৰ্মাৰ বিৰুদ্ধে ।

ইফালে, কাকী আৰক্ষীৰ তৎপৰতাত অপহৃত মহিলা গৰাকীক যোৱা ৭ ফ্ৰেব্ৰুৱাৰীত নেপালৰ পৰা উদ্ধাৰ কৰে আৰু ইয়াৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা।

ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকীয়ে কাকী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । ৰুজু কৰা গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সভাপতি অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ কৰি কাকী আৰক্ষী থানালৈ লৈ আহে । কাকী আৰক্ষীয়ে জিম্মাত লৈ শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰোৱাৰ বাবে প্ৰেৰণ কৰে |

ইফালে এই সমগ্ৰ ঘটনাৰ সম্পৰ্কত অমিতাভ শৰ্মাই কয় যে, এইয়া এক মাওবাদী ষড়যন্ত্ৰ ।