গুৱাহাটী, সংবাদ ৩৬৫, ১৬ মাৰ্চ : ভাৰতবৰ্ষৰ এগৰাকী মৃত্যুঞ্জয় সাধক,সন্ন্যাসী তথা পঞ্চকন্যা আশ্ৰমৰ প্ৰতিষ্ঠাপক আচাৰ্য্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত তথা পঞ্চকন্যা ধাম পৰিচালনা সমিতিৰ সৌজন্যত অহা ২০ মাৰ্চৰ পৰা ২৪ মাৰ্চ ২০১৯ লৈ পঞ্চকন্যা আশ্ৰমত শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আয়োজক মণ্ডলীয়ে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে।

এলাহাবাদত সদ্য সমাপ্ত মহা কুম্ভমেলাত আচাৰ্য্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজে প্ৰায় এমাহ দিন মৃত্যুঞ্জয় যজ্ঞ সফলতাৰে সমাপ্ত কৰি অহাৰ পাছত বশিষ্ঠৰ ক্ষোভক পৰ্বতস্থিত কৰি পঞ্চকন্যা আশ্ৰম প্ৰাংগণত আয়োজন কৰা এই মহাযজ্ঞত ভাৰতবৰ্ষৰ এগৰাকী মহান শংকৰাচাৰ্য্য গোবৰ্ধন পীঠৰ অনন্ত শ্ৰী বিভূষিত স্বামী শ্ৰী শ্ৰী অধোক্ষজানন্দ দেৱতীৰ্থ মহাৰাজে ২০ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ আশ্ৰম প্ৰাংগণত নৱ নিৰ্মিত পৰ্ণ কুটিৰত উপস্থিত থাকিব। লগতে আশ্ৰম প্ৰাংগণত মূৰ্তমান দ্বাদশ জ্যোতিলিংগত বিশেষ ৰুদ্ৰাভিষেক সম্পাদন কৰিব। উল্লেখ্য যে বিশেষ ৰুদ্ৰাভিষেকত সকলো ভক্তই অংশগ্ৰহণ কৰিব পাৰিব।

শ্ৰী শ্ৰী ৰুদ্ৰ যজ্ঞৰ প্ৰধান কার্যসূচী সমূহৰ ভিতৰত দৈনিক যজ্ঞাহুটি,চাৰিবেদ পাঠ, আৰতি আদিৰ উপৰি আন এক মুখ্য অনুষ্ঠান উত্তৰ-পূব সন্ত সন্মিলনৰ আয়োজন কৰা হৈছে। উক্ত সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ দেৱালয়,মঠ-মন্দিৰ সমূহৰ সংস্কৃত পণ্ডিতসকল,বিশ্ব বিদ্যালয়ৰ বহুকেইজন অধ্যাপককে ধৰি অসমৰ পণ্ডিত মণ্ডলীয়ে অংশগ্ৰহণ কৰিব।