কলগাছিয়া ২৫ আগষ্টঃ যুৱকসকলক ভাৰতীয় সেনাবাহিনীত যোগদানৰ বাবে উৎসাহিত কৰাৰ লগতে মানসিক আৰু শাৰিৰীক ভাৱে সক্ষম কৰি গঢ়ি তুলিবলৈ ভাৰতীয় সেনা বাহিনীৰ ১৫ জেট ৰেজিমেন্টে কলগাছিয়াত প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে৷ সেনা বাহিনীৰ দলটোৱে প্ৰত্যেক দিনা পুৱা ৪বজাৰ পৰা পাঁচ শতাধিক যুৱকক শাৰিৰীক প্ৰশিক্ষণ দিছে। দুমাহ ধৰি দি অহা এই প্ৰশিক্ষণৰ পিছত ৮ জনকৈ যুৱকে ভাৰতীয় সেনা বাহিনীত যোগদান কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় সেনা বাহিনীৰ ১৫ জেট ৰেজিমেন্টে কলগাছিয়াৰ উপৰিও সৰভোগ, চান্থাইপাৰা, বাগসা, মছলপুৰ, সৰ্থেবাৰীকে ধৰি বিভিন্ন স্থানটো যুৱক সকলক প্ৰশিক্ষণ দিছে।