যোৰহাট : অনিমেষ ভূঞা হত্যাকাণ্ডৰ লগত জড়িত ১২ জন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীয়ে ৰাজ্য কপোৱা যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ লগত জড়িত মুঠ ১৩ জন গ্ৰেপ্তাৰ কৰিছে। হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা গুণ্ডাক অৱশ্যে আৰক্ষীয়ে আদালতত হাজিৰ নকৰে।

সোমবাৰে যোৰহাটত অৰ্ধ শতাধিক লোকৰ প্ৰহাৰত নিহত হৈছিল অনিমেষ ভূঞা নাম যুৱকজন। গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িত ১৩ জন অভিযুক্তক চিনাক্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত ১২ জনক আদালতত হাজিৰ কৰোৱাই। আদালতে ১২ জন অভিযুক্তৰ ভিতৰত ৭ জনক ৫ দিনৰ বাবে আৰক্ষী জিন্মালৈ আৰু ৫ জন অভিযুক্তক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে।

গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িত অভিযুক্ত সকলৰ বিৰুদ্ধে ২৬২০/২০২১ নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৮/১৪৯/৩২৬/৩০২ ধাৰাত গোচৰ পঞ্জীয়ন কৰা হৈছে। ইফালে মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা গুণ্ডাক আৰক্ষীয়ে আদালতত হাজিৰ নকৰে। অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা গুণ্ডাক আৰক্ষীয়ে পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰিছিল।

১২ জন অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ সময়ত আদালতৰ বাহিৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে কঠোৰ নিৰাপত্তাৰ মাজেৰে ১২ জন অভিযুক্তক আদালতত হাজিৰ কৰে যদিও আদালত চৌহদত আৰক্ষীৰ নিৰাপত্তা বেষ্টনী ভাঙি একাংশ উত্তেজিত লোকে অনিমেষ ভূঞা হত্যাকাণ্ডৰ অভিযুক্ত সকলক  প্ৰহাৰৰ চেষ্টা চলায়।