যোৰহাট : অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাসসহ মুঠ ১৩ জনক গ্ৰেপ্তাৰ। হত্যাকাণ্ডৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা গুণ্ডা। মঙলবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা গুণ্ডাক।

ৰাজ্য কঁপাই যোৱা যোৰহাটৰ গণ প্ৰহাৰৰ ঘটনাৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা গুণ্ডাক আৰক্ষীয়ে অৱশেষত বৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ পিছৰে পৰা আৰক্ষীয়ে নীৰজ দাস ওৰফে ক’লা গুণ্ডাৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল যদিও আটক কৰিবলৈ সক্ষম হোৱা নাছিল।

গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িত থকা লোক সকলৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে সোমবাৰে নিশাই বহু কেইজনক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমানলৈকে নীৰজ দাস ওৰফে ক’লা গুণ্ডাসহ মুঠ ১৩ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নীৰজ দাস ওৰফে ক’লা গুণ্ডাৰ বিৰুদ্ধে পূৰ্বৰ পৰাই বহু গোচৰ ৰুজু হৈ আছে।

নীৰজ দাস ওৰফে ক’লা গুণ্ডা ড্ৰাগছ ব্যৱসায়ৰ লগতো জড়িত বুলি জানিব পৰা গৈছে। এক সাধাৰণ দুর্ঘটনাক কেন্দ্ৰ কৰি নীৰজ দাস ওৰফে ক’লা গুণ্ডাই আক্ৰমণ চলাইছিল তিনিজনকৈ যুৱকৰ ওপৰত। এই আক্ৰমণৰ ঘটনাই পৰৱৰ্তী সময়ত গণ প্ৰহাৰৰ ৰূপ ধাৰণ কৰে।

প্ৰায় অৰ্ধ শতাধিক লোকৰ নৃশংস প্ৰহাৰত অনিমেষ ভূঞা নামৰ যুৱকজন নিহত হোৱাৰ লগতে অনিমেষ ভূঞাৰ লগত থকা দুজন যুৱক গুৰুত্বৰভাৱে আহত হয়। গণ প্ৰহাৰৰ লগত জড়িত ১৩ জনকৈ লোকক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ঘটনাৰ লগত জড়িত অন্য লোক সকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।