গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুলাই : উত্তৰ প্ৰদেশৰ সোনভদ্ৰত হোৱা হত্যাকাণ্ডৰ বাবে সম্প্ৰতি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজনৈতিক মহলত । সদনৰ পৰা ৰাজপথলৈ সকলোতে হত্যাকাণ্ডৰ সৰৱ চৰ্চা। ইয়াৰ মাজতে আহত আৰু নিহত পৰিয়ালৰ খবৰ লবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদিকা প্ৰিয়ংকা গান্ধী উত্তৰ প্ৰদেশৰ বাৰণসীৰ পৰা সোনভদ্ৰলৈ গৈছিল । সোনভদ্ৰলৈ যোৱাৰ সময়তে উত্তৰ প্ৰদেশ আৰক্ষীয়ে মিৰ্জাপুৰত সোনভদ্ৰলৈ যোৱাত বাধা প্ৰদান কৰে । আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ বাবে প্ৰিয়ংকা গান্ধীয়ে ৰাজপথতে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে । ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে অগণতান্ত্ৰিকভাৱে প্ৰিয়ংকা গান্ধীক আটক কৰে ।

প্ৰিয়ংকা গান্ধীক এনেদৰে অগণতান্ত্ৰিকভাৱে আটক কৰাৰ বাবে গুৱাহাটীৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয় ৰাজীৱ ভৱনত কংগ্ৰেছী সদস্যসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু বিনা চৰ্তে প্ৰিয়ংকা গান্ধীক মুকলি কৰি দিবলৈ দাবী জনায়।