নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ জুলাই : এতিয়াৰে পৰা অসম পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ নহয় মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা । প্ৰিয়ংকাৰ চৰকাৰৰ সৈতে কৰা চুক্তিৰ ম্যাদ ইতিমধ্যে সমাপ্ত হৈছে। টুইটাৰৰ যোগেদি এই কথা স্পষ্ট কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখযোগ্য যে অসমৰ বানৰ ফলত বৰ্তমানৰ পৰিস্থিতি অতি দুখলগা । এমুঠি অন্ন, এসাঁজ কাপোৰৰ লগতে থাকিবলৈ এডোখৰ ঠাইৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বানপীড়িত লোকসকলে । অসমৰ এই দুৰ্যোগৰ বাবে বলিউডৰ তাৰকাৰ পৰা সাধাৰণ জনতালৈকে সকলোৱে সহায়ৰ হাত আগবঢ়াইছে , জনতাৰ হকে প্ৰাৰ্থনা কৰিছে । কিন্তু অসমবাসীৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহৰি নাই অসম পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়ংকা চোপ্ৰা। এই লৈ চচিয়েল মিডিয়াত চলি আছিল সৰৱ চৰ্চা, বিতৰ্ক, সমালোচনা । এই চৰ্চাৰ মাজতে অৱশ্যে শেহতীয়াকৈ প্ৰিয়ংকাই টুইটাৰৰ যোগেদি অসমবাসীক সকলোৱে সহায় কৰিবলৈ আহ্বান জনাইয়ে দায়িত্ব সামৰিলে ।

চচিয়েল মিডিয়াত হৈ থকা এই সৰৱ চৰ্চাৰ মাজতে শেহতীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জনালে যে অসম পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ নহয় প্ৰিয়ংকা চোপ্ৰা । অসম চৰকাৰৰ সৈতে থকা প্ৰিয়ংকাৰ চুক্তিৰ ম্যাদ শেষ হৈছে । ” She is not with Assam govt now. Her contract with Assam govt expired as far as I know. “