গুৱাহাটী, ১২ মে’, ২০২৪ :  চৰকাৰ আৰু সমাজে একেলগে বিশেষভাৱে সক্ষম লোকসকলক শাৰীৰিক, সামাজিক, অৰ্থনৈতিক আৰু বৌদ্ধিকভাৱে সবলীকৰণৰ দায়িত্ব ল’ব লাগে। দেওবাৰে বিশেষভাৱে সক্ষম লোকসকলৰ সেৱাৰ বাবে বিনামূলীয়াকৈ আয়োজন কৰা নাৰায়ণ কৃত্ৰিম অংগ পৰিমাপণ শিৱিৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। ৰাজ্যপালগৰাকীয়ে নাৰায়ণ সেৱা সংস্থাক (Narayana Seva Santha) এক বৃহত্তৰ স্বাৰ্থৰ হকে তেওঁলোকে পালন কৰি অহা দায়বদ্ধতাৰ বাবে প্ৰশংসা কৰাৰ লগতে সংস্থাটোৱে অসমৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে প্ৰতিষ্ঠাপক কৈলাশ মানৱ আৰু সভাপতি প্ৰশান্ত আগৰৱালাক অভিনন্দন জ্ঞাপন কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰাৰ সময়ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয় যে মানৱ সেৱাই হৈছে এগৰাকী ব্যক্তিয়ে কৰিব পৰা সৰ্বোত্তম কাম। তেওঁ লগতে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগিতামূলক প্ৰচেষ্টাৰে বিশেষভাৱে সক্ষম ব্যক্তিসকলক সমাজত নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰিব পাৰি; আৰু ইয়াৰ বাবে অক্লান্ত প্ৰচেষ্টা অব্যাহত ৰাখিছে নাৰায়ণ সেৱা সংস্থাই। প্ৰকৃত মানৱ সেৱাক দেশজুৰি প্ৰসাৰিত কৰাৰ বাবে নাৰায়ণ সেৱা সংস্থাক প্ৰশংসা কৰি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই উত্তৰ-পূৰ্বাঞ্চলত সংস্থাটোৰ সেৱা সম্প্ৰসাৰণৰ সুবিধাৰ বাবে ৰাজভৱনৰ সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাজ্যপালগৰাকীয়ে শিৱিৰত উপস্থিত থকা বিশেষভাৱে সক্ষম লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ স্বাস্থ্য আৰু সুখ-সমৃদ্ধিৰ বাবে আন্তৰিক শুভকামনা জ্ঞাপন কৰে।

গুৱাহাটীৰ পল্টন বজাৰৰ আশী অপ্সৰা হলত অনুষ্ঠিত এই শিৱিৰত ১০০০ ৰো অধিক বিশেষভাৱে সক্ষম ব্যক্তি আৰু ৩০ টাতকৈও অধিক স্থানীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই তেওঁৰ পত্নী অনিতা কাটাৰিয়া, পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ বিনোদ লোহিয়া, ডিগম্বৰ পঞ্চায়ত ভৱন ট্ৰাষ্টৰ মহাবীৰ প্ৰসাদ জৈন, বিহাৰ ফাউণ্ডেশ্যনৰ উমেশ কুমাৰ, মাৰোৱাৰী হাস্পতালৰ ৰমেশ গোৱেংকা, ব্ৰাহ্মণ সভাৰ ৰতন লাল শৰ্মা, নাৰায়ণ সেৱা সংস্থাৰ সঞ্চালিকা বন্দনা আগৰৱালা, শ্বেতাম্বৰ জৈন তেৰাপন্থ সভাৰ বজৰং লাল ছুৰানা আৰু গুৱাহাটী গোশালাৰ কৈলাশ লোহিয়াৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে শিৱিৰৰ শুভ উদ্বোধন কৰে।

সংস্থাৰ সঞ্চালিকা বন্দনা আগৰৱালাই সংস্থাটোৱে প্ৰদান কৰি অহা বিনামূলীয়া সেৱাৰ বিভিন্ন পৰিসৰৰ এক বিস্তৃত অভাস প্ৰদান কৰে, য’ত কৃত্ৰিম অংগ, সংশোধনী অস্ত্ৰোপচাৰ, ৫ হাজাৰ ব্যক্তিৰ বাবে দৈনিক আহাৰ, গুৰুকুল পৰিচালনা, ৬০০ শ্ৰমিকৰ অৰ্থনৈতিকভাৱে বঞ্চিত শিশুক বিনামূলীয়া শিক্ষাদান কৰা নাৰায়ণ শিশু একাডেমী স্কুলৰ পৰিচালনা, শ শ প্ৰতিবন্ধী ব্যক্তিক কম্পিউটাৰ, মোবাইল মেৰামতি, চিলাই আৰু মেহেন্দি কলাৰ বাবে বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান আদি কাৰ্যসূচী অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ উপৰিও, সংস্থাটোৱে গণ বিবাহৰ আয়োজন কৰি মানৱ সেৱাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি আহিছে। এই সুযোগতে বন্দনা আগৰৱালাই মঞ্চত উপস্থিত থকা বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

উদ্বোধনী অনুষ্ঠানৰ সময়ছোৱাত ৰাজ্যপালগৰাকীয়ে ১১ খন হুইল চেয়াৰ বিতৰণ কৰাৰ লগতে কৃত্ৰিম অংগৰ দ্বাৰা উপকৃত হোৱা বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ অভিজ্ঞতাৰো বুজ লয়। মহাগংগোত্ৰী বিভাগৰ মুৰব্বী ৰজত গৌৰে সংস্থাটোৰ কৃতিত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে আগন্তুক পাঁচ বছৰৰ বাবে ইয়াৰ অভিলাষী দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি ৩৯ বছৰীয়া সেৱা যাত্ৰাৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে। তেওঁ পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলন, পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চ, শ্ৰী গুৱাহাটী গোশালা, আগৰৱালা সভা, মহেশ্বৰী সভা, শ্বেতাম্বৰ জৈন তেৰাপন্থ সভা আৰু তেওঁলোকৰ মহিলা মণ্ডল, শ্ৰী দিগম্বৰ জৈন, ৰটাৰী ক্লাৱ, বিহাৰ ফাউণ্ডেচন, ব্ৰাহ্মণ সভা, হাৰিয়ানা চেৰিটেবল ট্ৰাষ্ট আৰু শ্ৰী গুৰু সিং সভাকে ধৰি বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু প্ৰতিষ্ঠানৰ পৰা লাভ কৰা অমূল্য সহযোগিতাৰ বাবে ধন্যবাদ জনায়।

শিৱিৰৰ সমন্বয়ক আঁচল সিং ভাটিয়ে জনোৱা মতে, ৫০০ তকৈ অধিক বিশেষভাৱে সক্ষম ব্যক্তিয়ে শিৱিৰত অংশগ্ৰহণ কৰে, য’ত সংস্থাটোৰ ২০ জনীয়া এটা দলে সেৱা আগবঢ়ায়। শিৱিৰত ২০৫ গৰাকী ব্যক্তিৰ বাবে নাৰায়ণ কৃত্ৰিম অংগ আৰু ৮০ গৰাকীৰ কেলিপাৰ ফিটিং কৰাৰ বাবে জোখ লোৱা হয়। ইয়াৰ উপৰিও উদয়পুৰত বিনামূলীয়া অস্ত্ৰোপচাৰৰ বাবে ১৩০ গৰাকীতকৈ অধিক ৰোগীক নিৰ্বাচিত কৰা হয়। শিবিৰৰ দায়িত্বত থকা হৰিপ্ৰসাদ লাদ্ধাই উল্লেখ কৰে যে সংস্থাপন আৰু জোখ-মাখৰ বাবে নিৰ্বাচিত হোৱা বিশেষভাৱে সক্ষম ব্যক্তিসকলে প্ৰায় তিনিমাহৰ পিছত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী শিৱিৰৰ সময়ত অংগ লাভ কৰিব। নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম আদি ঠাইৰ পৰাও ৰোগীসকলে আহি এই শিৱিৰত অংশগ্ৰহণ কৰে। সংস্থাটোৰ তৰফৰপৰা সমূহ ৰোগীৰ বাবে থকাৰ ব্যৱস্থা কৰাৰ লগতে বিনামূলীয়াকৈ খাদ্য, চাহ, আৰু জলপানৰ ব্যৱস্থা কৰা হয়। নাৰায়ণ সেৱা সংস্থাৰ ৪০ জনীয়া এটা দলে এই শিৱিৰত সেৱা আগবঢ়োৱাৰ উপৰিও উপস্থিতসকলক সেৱা আগবঢ়োৱা স্বেচ্ছাসেৱাসকলক প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। শিৱিৰৰ সময়ত কাৰ্য্যবিধিৰ তদাৰক কৰে মহিম জৈনে।