গুৱাহাটী, ১ জুলাই, ২০২৬ : গুৱাহাটীৰ মাজমজিয়াত নতুনকৈ নিৰ্মাণ কৰা মহাৰাজ পৃথু নামৰ উৰণীয়া সেতুখনৰ কাৰিকৰী বিজুতিৰ বাবে বহু দুৰ্ঘটনা (Accident) সংঘটিত হোৱা আৰু এই দুৰ্ঘটনাত পৰিমল মেধি নামৰ এজন যুৱ ব্যৱসায়ীৰ মৃত্যু হোৱা ঘটনাক তীব্ৰভাষাৰে গৰিহণা দি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই ঘটনাৰ তদন্ত দাবী কৰাৰ লগতে মৰণফান্দ হৈ পৰা উৰণীয়া সেতুখন সাময়িকভাৱে বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। কাৰিকৰী বিজুতি থকা উৰণীয়া সেতুখন নিৰ্মাণ কৰা ঠিকাদাৰ আৰু অভিযন্তাসকলৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে প্ৰদেশ কংগ্ৰেছে।
অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে ৮৫২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই উৰণীয়া সেতুখনৰ ডিপিআৰ কোনে প্ৰস্তুত কৰিছিল সেই কথাও তদন্তৰ আওতালৈ আনিব লাগে। এজাক বৰষুণতে উৰণীয়া সেতুখন বাহন চলাচলৰ অনুপযোগী হৈ পৰা বিষয়টো দীৰ্ঘদিন ধৰি কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হৈ অহাৰ পিছতো কি কাৰণে লোকনিৰ্মাণ বিভাগ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰা নাই আৰু স্বয়ং মুখ্যমন্ত্ৰীৰ হাততে উৰণীয়া সেতু নিৰ্মাণৰ বিভাগ থকাৰ পিছতো কিয় এইদৰে গাফিলতি কৰি মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে মীৰা বৰঠাকুৰে।
কংগ্ৰেছ নেত্ৰী গৰাকীয়ে আৰু কয় যে একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক প্ৰশ্ৰয় দিয়া বাবে এইদৰে নিৰ্মাণ কাৰ্যত দুৰ্নীতি সংঘটিত হৈছে। প্ৰসংগক্ৰমে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ আমোলত বিধানসভা চৌহদত নিৰ্মাণ আৰু নিযুক্তিত ব্যাপক হাৰত দুৰ্নীতি হোৱা বুলি বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষজনে অভিযোগ কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। বৰঞ্চ বিশ্বজিৎ দৈমাৰীক বিয়াগোম দুৰ্নীতি কৰাৰ উপহাৰ হিচাপে মন্ত্ৰিত্ব প্ৰদান কৰা বুলি অভিযোগ কৰি মীৰা বৰঠাকুৰে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া দুৰ্নীতিৰ প্ৰতিযোগিতা চলিছে।
সংবাদমেলত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ উপদেষ্টা তথা প্ৰাক্তন সাংসদ আব্দুল খালেকে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় এতিয়া বিত্তীয় সংকটত অস্তিত্বৰ ভাবুকিত পৰা বুলি অভিযোগ কৰি কয় যে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ বাবে গোপীনাথ বৰদলৈ, ফকৰুদ্দিন আলী আহমেদ, কৃষ্ণকান্ত সন্দিকৈৰ পৰা আৰম্ভ কৰি বহুকেইজন মুক্তিযুঁজাৰুৱে আন্দোলন কৰিছিল। শেহতীয়া খবৰ অনুযায়ী গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক আৰু আৰ্থিক দিশত জৰ্জৰিত হৈ পৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ক এই গভীৰ সংকটৰ পৰা মুক্ত কৰিবলৈ প্ৰাক্তন সাংসদজনে দাবী উত্থাপন কৰে।
ইফালে, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই শিক্ষামন্ত্ৰী ৰণোজ পেগুক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে এইজন শিক্ষামন্ত্ৰীয়ে নিৰ্লজ্জভাৱে বাজেটৰ অভাৱত ছাত্ৰ-ছাত্ৰীক কপাহী সূতাৰ ইউনিফৰ্ম দিব পৰা নাই বুলি কৰা ঘোষণা দুৰ্ভাগ্যজনক। ৰাজ্য চৰকাৰে বাজেটৰ ধন ক’ত কেনেকৈ খৰছ কৰে তাৰ তথ্য আমি ভালদৰে জানো বুলি উল্লেখ কৰি বৰাই কয় যে চৰকাৰী শিক্ষা ব্যৱস্থাক দুৰ্বল কৰি পুঁজিপতিৰ হাতত শিক্ষা আৰু চিকিৎসা খণ্ড বিক্ৰী কৰিব খুজিছে বুলি অভিযোগ কৰে। বৰাই কয় যে ৰাইজৰ ৰাজহৰ পৰা সংগৃহীত ধন আৰু লাখ-কোটি টকা ঋণ লৈ এইখন চৰকাৰে নিৰ্মাণ কৰা ৰাজহুৱা সম্পত্তি এতিয়া নিলামত দিবলগীয়া হৈছে।
কেবাহাজাৰো চৰকাৰী বিদ্যালয় বন্ধ কৰি অসমীয়া মাধ্যমক এইখন চৰকাৰে তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে বুলিও কয় বৰাই। আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মীৰা বৰঠাকুৰে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীৰ ৰাইজক পুনৰবাৰ চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে। এয়া নিৰ্বাচনী ঝুমলাহে আছিল বুলিও কয় মীৰা বৰঠাকুৰে। এনেধৰণৰ ঝুমলাবাজি কৰাত বিজেপি চৰকাৰ সিদ্ধহস্ত বুলিও কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
