গুৱাহাটী, সংবাদ ৩৬৫, ২০ আগষ্ট : বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাধাৰণ সম্পাদক অৰুণ সিঙৰ সংবাদ মেল । সৰ্বানন্দ সোণোৱাল চৰকাৰক প্ৰশংসা সম্পাদকগৰাকীৰ । সম্পাদক অৰুণ সিঙে অসম প্ৰদেশ বিজেপিক অভিনন্দন জনাই কয় যে সোণোৱালে অসমৰ কল্যানৰ হকে কাম কৰিছে । সদস্যতা ভৰ্তিৰ অভিযানতো অসমে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে । ১৫ লাখৰ টাৰ্গেট লৈ ২০ লাখত অসমে ভৰি দিলে । সদস্য ভৰ্তিৰ অভিযানে ৰাজ্যত বিজেপিৰ আসন বঢ়াব । কেন্দ্ৰৰ অভিনন্দন অসম প্ৰদেশ বিজেপিক ।

পলিথিন নিষিদ্ধকৰণক লৈ প্ৰধানমন্ত্ৰীৰ অংগিকাৰ সফল হোৱাৰ লগতে সদস্য ভৰ্তিৰ অভিযানৰ লগত বিজেপিয়ে বৃক্ষৰোপনৰো সমগ্ৰ দেশজুৰি অভিযান চলোৱাৰ কথাও সংবাদমেলত ব্যক্ত কৰে সম্পাদকগৰাকীয়ে ।

৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ হোৱাৰ প্ৰসঙ্গত কয় যে জন্মু কাশ্মীৰৰ প্ৰত্যাহাৰ হোৱাৰ পিছত কোনো অঘটন হোৱা নাই । কিছুমানে ভুৱা প্ৰচাৰ চলাইছে । জন্মু-কাশ্মীৰৰ বিকাশ হ’ব এতিয়া ।

তিনি তালাক আইনৰ সন্দৰ্ভতো মন্তব্য অৰুণ সিঙৰ । সিঙে কয় যে
এতিয়া ন্যায় পাব মুছলমান মহিলাই ।