গুৱাহাটী, সংবাদ ৩৬৫, ২০ আগষ্ট : আজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নামঘৰত চলিছে নাম প্ৰসংগ আৰু তিথিৰ বিশেষ কাৰ্যসূচী। নামঘৰৰ এই বিশেষ কার্যসূচীত ভাগ লৈছে ভক্তগণ । পিছ পৰি ৰোৱা নাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ।

গুৱাহাটী মহানগৰীৰ লাষ্টগেটস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰত পত্নী সহিতে নামঘৰত ভকতৰ সৈতে নাম প্ৰসংগত ব্যস্ত হোৱা দেখা গ’ল ৰঞ্জিত দাসক ।

সংবাদ মাধ্যমৰ আগত দাসে কয় যে গুৰুদুজনাৰ তিৰোভাৱ তিথিত চৰকাৰী বন্ধ দিয়াতো বিবেচনা কৰিব লাগে চৰকাৰে ।
বন্ধ মানুহে উপভোগহে কৰিছে,গুৰু দুজনাৰ প্ৰতি ভক্তি কমিছে, নামঘৰ ,সত্ৰত সেৰেঙা ভিৰে তাকেই সূচাইছে। চৰকাৰলৈ আহ্বান বিষয়টো বিবেচনা কৰক।

ইয়াৰোপৰি তেখেতে কয় বিটিচি নিৰ্বাচন খেলিব বিজেপিয়ে ।
কাৰ লগত মিত্ৰতা কৰিব সেয়া দলে বৈঠকত সিদ্ধান্ত ল’ব । নৱ শৰণীয়াৰ ওপৰত কৰা আক্ৰমণৰ সঠিক তদন্ত হওক ।
বিটিচি নিৰ্বাচনৰ পূৰ্বে এনে ঘটনা ঘটেই । কোন জড়িত আছে সেয়া কৰায়ত্ত্ব কৰিব লাগে ।