আব্দুল হক
নগৰবেৰা : বৰপেটাৰ কাছুমাৰাত এআইইউডিএফৰ সম্বৰ্ধনা সভা। এআইইউডিএফৰ সম্বৰ্ধনা সভাত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনক বিপুল সম্বৰ্ধনা। কাছুমাৰাত দেওবাৰে অনুষ্ঠিত হয় এআইইউডিএফৰ এই সম্বৰ্ধনা সভা। চেঙা সমষ্টিৰ বিধায়ক আশ্রফুল হুছেইনে শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰে।

সম্বৰ্ধনা সভাত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে কয় চেঙা সমষ্টিৰ মূল সমস্যা হৈছে গৰাখহনীয়া, স্বাস্থ্য, শিক্ষা আৰু ভূমি সম্পৰ্কীয় সমস্যা৷ বিধানসভাৰ মজিয়াত যাৱতীয় সমস্যাৰাজিৰ বিষয়ে সজোৰে উত্থাপন কৰা হৈছে। আনহাতে ৰাজ্যৰ বিজেপি চৰকাৰক সমালোচনা কৰি বিধায়ক গৰাকীয়ে কয় যে চেঙা আৰু বাঘবৰৰ ভূমিহীন লোকৰ প্ৰকৃত সমস্যাৰ কথা পাহৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেৱল বিভাজনৰ ৰাজনীতিহে কৰিছে।

বিধায়ক আশ্রফুল হুছেইনে চেঙা আৰু বাঘবৰ সমষ্টিৰ লগতে প্ৰতিটো সমষ্টিত ভূমিৰ ওপৰত নতুনকৈ জৰীপ কৰি ভূমি পট্টা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। বিধায়ক গৰাকীয়ে আৰু কয় যে, চেঙা আৰু বাঘবৰৰ অন্যান্য সমস্যাৰ লগতে মূল সমস্যা হৈছে গৰাখহনীয়া। এই সমস্যাৰ সমাধান কৰিলেই চৰাঞ্চলৰ মাটিত মাতাব্বৰ সকলৰ প্ৰভূত্ব শেষ হৈ যাব।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়ণৰ কথা পাহৰি কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি যুৱ প্ৰজন্মক বিপথে পৰিচালনা কৰিছে বুলি কটাক্ষ কৰে বিধায়ক আশ্ৰাফুল হুছেইনে। বিধায়ক আশ্ৰাফুল হুছেইনে চেঙা সমষ্টিৰ দক্ষিণপাৰৰ চৰাঞ্চলৰ বৃহৎ সংখ্যক লোকৰ বাবে এখন ১০৮ এম্বুলেন্স মুকলি কৰি স্বাস্থ্যৰ সেৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ লোক সকলৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ কথাও ব্যক্ত কৰে।